ছূৰা 59 · জুজ 28

Al-Hashr · 59:11

۞ أَلَمْ تَرَ إِلَى الَّذِينَ نَافَقُوا يَقُولُونَ لِإِخْوَانِهِمُ الَّذِينَ كَفَرُوا مِنْ أَهْلِ الْكِتَابِ لَئِنْ أُخْرِجْتُمْ لَنَخْرُجَنَّ مَعَكُمْ وَلَا نُطِيعُ فِيكُمْ أَحَدًا أَبَدًا وَإِنْ قُوتِلْتُمْ لَنَنْصُرَنَّكُمْ وَاللَّهُ يَشْهَدُ إِنَّهُمْ لَكَاذِبُونَ

তুমি মুনাফিকসকলৰ প্ৰতি লক্ষ্য কৰা নাইনে? সিহঁতে আহলে কিতাবসকলৰ মাজৰ পৰা যিসকলে কুফৰী কৰিছে সিহঁতৰ সেইসকল ভাতৃক কয়, ‘তোমালোকে যদি বহিষ্কৃত হোৱা, তেন্তে আমিও তোমালোকৰ লগত নিশ্চয় দেশ ত্যাগ কৰিম আৰু আমি তোমালোকৰ বিষয়ে কেতিয়াও কাৰো আনুগত্য নকৰিম আৰু তোমালোকৰ লগত যুদ্ধ হ’লে আমি নিশ্চয় তোমালোকৰ সহায় কৰিম’। কিন্তু আল্লাহে সাক্ষ্য দিয়ে যে, নিশ্চয় সিহঁত ঘোৰ মিছলীয়া।

তাফছীৰ

হে ৰাছুল! আপুনি সিহঁতক দেখা নাই নে, যিহঁতে নিজৰ অন্তৰত কুফৰ গোপন কৰি ৰাখে আৰু ঈমান প্ৰকাশ কৰি ফুৰে। সিহঁতে বিকৃত তৌৰাতৰ অনুসাৰী ইহুদী কাফিৰসকলক কয়ঃ নিজৰ ঘৰত অটল থাকিবা, আমি তোমালোকক লাঞ্ছিত হ'বলৈ নিদিওঁ আৰু আমি তোমোলোকক অকলশৰীয়াও নকৰো। বৰং যদি মুছলিমসকলে তোমালোকক বহিষ্কাৰ কৰে তেন্তে আমিও তোমালোকৰ সৈতে ওলাই যাম। আমি তোমালোকৰ সৈতে ওলাই যোৱাৰ ক্ষেত্ৰত কাৰো কথা নুশুনিম। আৰু যদি মুছলিমসকলে তোমালোকৰ সৈতে যুদ্ধ কৰে তেন্তে আমি সিহঁতৰ বিৰুদ্ধে তোমালোকক সহায় কৰিম। অথচ আল্লাহে সাক্ষ্য প্ৰদান কৰে যে, মুনাফিকসকল নিজৰ এই দাবীত মিছলীয়া যে, যদি ইহুদীসকলক বহিষ্কাৰ কৰা হয় তেন্তে সিহঁতেও সিহঁতৰ লগত ওলাই যাব। আৰু যদি সিহঁতৰ লগত যুদ্ধ কৰা হয় তেন্তে সিহঁতে সিহঁতৰ সহায় কৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক