ছূৰা 58 · জুজ 28

Al-Mujadila · 58:16

اتَّخَذُوا أَيْمَانَهُمْ جُنَّةً فَصَدُّوا عَنْ سَبِيلِ اللَّهِ فَلَهُمْ عَذَابٌ مُهِينٌ

সিহঁতে নিজ শপতবোৰক ঢাল হিচাপে গ্ৰহণ কৰিছে, তাৰ পিছত সিহঁতে আল্লাহৰ পথত বাধা প্ৰদান কৰিছে। ফলত সিহঁতৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি।

তাফছীৰ

সিহঁতে খোৱা নিজৰ শপতসমূহক, কুফুৰৰ কাৰণে হত্যা হোৱাৰ পৰা বাচিবলৈ ঢাল হিচাপে লৈছে। কিয়নো সিহঁতে শপতবোৰৰ জৰিয়তে নিজৰ ধন-সম্পত্তি আৰু প্ৰাণ ৰক্ষাৰ কৰিবলৈ ইছলাম গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছিল। আৰু মানুহক সত্যৰ পৰা ঘূৰাই দিছিল। কিয়নো তাৰ মাজত একধৰণৰ মুছলমানক অপমান কৰা হৈছিল। সেয়েহে সিহঁতৰ বাবে অপমানকাৰী শাস্তি আছে। যিটো সিহঁতক অপমানিত আৰু লাঞ্ছিত কৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক