ছূৰা 58 · জুজ 28
Al-Mujadila · 58:14
۞ أَلَمْ تَرَ إِلَى الَّذِينَ تَوَلَّوْا قَوْمًا غَضِبَ اللَّهُ عَلَيْهِمْ مَا هُمْ مِنْكُمْ وَلَا مِنْهُمْ وَيَحْلِفُونَ عَلَى الْكَذِبِ وَهُمْ يَعْلَمُونَ
তুমি সিহঁতৰ প্ৰতি লক্ষ্য কৰা নাইনে, যিহঁতে এনে এটা সম্প্ৰদায়ৰ লগত বন্ধুত্ব কৰে যিসকলৰ ওপৰত আল্লাহ ক্ৰোধান্বিত হৈছে? সিহঁত তোমালোকৰ দলভূক্ত নহয়; আৰু সিহঁতে জানি বুজি মিছা কথাত শপত খায়।
তাফছীৰ
হে ৰাছুল! আপুনি সেই মুশ্বৰিকসকলক দেখা নাইনে যিহঁতে ইহুদীসকলক বন্ধু বনাই লৈছে। যিহঁতৰ ওপৰত কুফুৰী আৰু পাপ কৰ্মৰ কাৰণে আল্লাহৰ প্ৰকোপ পৰিছে। এই মুনাফিকসকল মুমিনসকলৰো অন্তৰ্ভুক্ত নহয় আৰু ইহুদীসকলৰো নহয়। বৰং সিহঁত এই দুয়োৰে মাজত সন্দেহত লিপ্ত হৈছে। ইফালৰো নহয় সিফালৰো নহয়। আৰু সিহঁতে শপত খাই কয় যে, সিহঁত মুছলমান। আৰু সিহঁতে মুছলমানসকলৰ খবৰসমূহ ইহুদীসকলক পৌঁচাই দিয়া নাই। সিহঁতৰ শপত একেবাৰে মিছা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক