ছূৰা 58 · জুজ 28

Al-Mujadila · 58:13

أَأَشْفَقْتُمْ أَنْ تُقَدِّمُوا بَيْنَ يَدَيْ نَجْوَاكُمْ صَدَقَاتٍ ۚ فَإِذْ لَمْ تَفْعَلُوا وَتَابَ اللَّهُ عَلَيْكُمْ فَأَقِيمُوا الصَّلَاةَ وَآتُوا الزَّكَاةَ وَأَطِيعُوا اللَّهَ وَرَسُولَهُ ۚ وَاللَّهُ خَبِيرٌ بِمَا تَعْمَلُونَ

তোমালোকে ভয় পালা নেকি যে, অকলশৰীয়া পৰামৰ্শৰ আগতে ছাদক্বা পেচ কৰিব লাগিব বুলি? যেতিয়া তোমালোকে এইটো কৰিব নোৱাৰিলা, আৰু আল্লাহেও তোমালোকক ক্ষমা কৰি দিলে, তেন্তে তোমালোকে ছালাত কায়েম কৰা আৰু যাকাত প্ৰদান কৰা লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা। তোমালোকে যি কৰা, সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত।

তাফছীৰ

তোমালোকে ৰাছুলৰ সৈতে অকলশৰে কথা কোৱাৰ আগতে ছাদকাহ দিয়া বিষয়টোৱে কষ্ট দি আছে নেকি, এতিয়া যদি তোমালোকে আল্লাহৰ আদেশ পালন কৰিব নোৱাৰা আৰু যদি আল্লাহে তোমালোকক সেয়া নিদিয়াৰ অনুমতি দিছে তেন্তে উত্তমৰূপে ছালাত আদায় কৰা। নিজৰ ধনৰ যাকাত দিয়া। আৰু আল্লাহ তথা ৰাছুলৰ অনুসৰণ কৰা। আৰু আল্লাহ তোমালোকৰ কাৰ্য সম্পৰ্কে অৱগত। তেওঁৰ পৰা তোমালোকৰ কোনো কামেই গোপন নহয়। তেৱেঁই তোমালোকৰ কৰ্মৰ পৰিণাম দিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক