ছূৰা 57 · জুজ 27
Al-Hadid · 57:16
۞ أَلَمْ يَأْنِ لِلَّذِينَ آمَنُوا أَنْ تَخْشَعَ قُلُوبُهُمْ لِذِكْرِ اللَّهِ وَمَا نَزَلَ مِنَ الْحَقِّ وَلَا يَكُونُوا كَالَّذِينَ أُوتُوا الْكِتَابَ مِنْ قَبْلُ فَطَالَ عَلَيْهِمُ الْأَمَدُ فَقَسَتْ قُلُوبُهُمْ ۖ وَكَثِيرٌ مِنْهُمْ فَاسِقُونَ
যিসকলে ঈমান আনিছে তেওঁলোকৰ হৃদয় আল্লাহৰ স্মৰণত আৰু যি সত্য অৱতীৰ্ণ হৈছে তাৰ বাবে তেওঁলোকৰ অন্তৰ পমি যোৱাৰ সময় হোৱা নাইনে? আৰু তেওঁলোকে যাতে সিহঁতৰ দৰে নহয়, যিহঁতক ইয়াৰ আগত কিতাব দিয়া হৈছিল-- তাৰ পিছত বহু কাল অতিবাহিত হোৱাৰ পিছত সিহঁতৰ অন্তৰসমূহ কঠোৰ হৈ পৰিছিল; আৰু সিহঁতৰ অধিকাংশই ফাছিক্ব।
তাফছীৰ
যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে, তেওঁলোকৰ এতিয়াও সময় হোৱা নাই নেকি যে, মহান আল্লাহৰ স্মৰণত তেওঁলোকৰ অন্তৰ নৰম হ’ব আৰু কোৰআনত অৱতীৰ্ণ হোৱা সুসংবাদ অথবা দুঃসংবাদৰ দ্বাৰা তেওঁলোকৰ অন্তৰ প্ৰশান্ত আৰু বিগলিত হ’ব?! আৰু তেওঁলোক যেন সিহঁতৰ দৰে কঠোৰ হৃদয়ত পৰিণত নহয়, যিসকল ইহুদীক তাওৰাত প্ৰদান কৰা হৈছিল আৰু যিসকল খৃষ্টানক ইঞ্জীল প্ৰদান কৰা হৈছিল। কাৰণ সিহঁতৰ আৰু নবী আগমনৰ মাজৰ সময়ছোৱা দীর্ঘ হোৱাৰ বাবে সিহঁতৰ অন্তৰ ৰূঢ় হৈ পৰিছিল। সিহঁতৰ মাজৰ অধিকাংশই আছিল আল্লাহৰ আনুগত্যৰ পৰা ওলাই যোৱা তথা তেওঁৰ অবাধ্যতাত লিপ্ত হোৱা লোক।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক