ছূৰা 57 · জুজ 27

Al-Hadid · 57:15

فَالْيَوْمَ لَا يُؤْخَذُ مِنْكُمْ فِدْيَةٌ وَلَا مِنَ الَّذِينَ كَفَرُوا ۚ مَأْوَاكُمُ النَّارُ ۖ هِيَ مَوْلَاكُمْ ۖ وَبِئْسَ الْمَصِيرُ

‘এতেকে আজি তোমালোকৰ পৰা কোনো মুক্তিপণ গ্ৰহণ কৰা নহ’ব আৰু যিসকলে কুফৰী কৰিছিল সিহঁতৰ পৰাও নহয়। জাহান্নামেই তোমালোকৰ আবাসস্থল, এইটোৱেই তোমালোকৰ উপযুক্ত স্থান; আৰু কিমান যে নিকৃষ্ট এই প্ৰত্যাবৰ্তনস্থল!

তাফছীৰ

এতেকে হে মুনাফিকসকল! আজি আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পাবলৈ তোমালোকৰ পৰা কোনো ধৰণৰ মুক্তিপণ গ্ৰহণ কৰা নহ’ব। আনহাতে সেইসকল লোকৰ পৰাও কোনো ধৰণৰ মুক্তিপণ গ্ৰহণ কৰা নহ’ব যিসকলে প্ৰকাশ্যভাৱে আল্লাহক অস্বীকাৰ কৰিছে। প্ৰকৃততে তোমালোকৰ আৰু কাফিৰসকলৰ শেষ ঠিকনা হৈছে জাহান্নাম। সেই স্থানটো হৈছে তোমালোকৰ বাবে অধিক যোগ্য স্থান। আৰু তোমালোকেও সেই স্থানৰ বাবে অধিক যোগ্য। সেইটো কিমান যে নিকৃষ্ট ঠিকনা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক