ছূৰা 57 · জুজ 27

Al-Hadid · 57:10

وَمَا لَكُمْ أَلَّا تُنْفِقُوا فِي سَبِيلِ اللَّهِ وَلِلَّهِ مِيرَاثُ السَّمَاوَاتِ وَالْأَرْضِ ۚ لَا يَسْتَوِي مِنْكُمْ مَنْ أَنْفَقَ مِنْ قَبْلِ الْفَتْحِ وَقَاتَلَ ۚ أُولَٰئِكَ أَعْظَمُ دَرَجَةً مِنَ الَّذِينَ أَنْفَقُوا مِنْ بَعْدُ وَقَاتَلُوا ۚ وَكُلًّا وَعَدَ اللَّهُ الْحُسْنَىٰ ۚ وَاللَّهُ بِمَا تَعْمَلُونَ خَبِيرٌ

আৰু তোমালোকৰ কি হ’ল, তোমালোকে আল্লাহৰ পথত খৰচ নকৰা কিয়? অথচ আকাশমণ্ডল আৰু পৃথিৱীৰ মীৰাছ কেৱল আল্লাহৰেই। তোমালোকৰ মাজত যিসকলে বিজয়ৰ আগত ব্যয় কৰিছে আৰু যুদ্ধ কৰিছে, তেওঁলোক (আৰু পৰবৰ্তীসকল) সমান নহয়। তেওঁলোক সিহঁততকৈ মৰ্যাদাত শ্ৰেষ্ঠ যিসকলে পৰবৰ্তী সময়ত ব্যয় কৰিছে আৰু যুদ্ধ কৰিছে। কিন্তু আল্লাহে উভয়ৰ বাবেই কল্যাণৰ প্ৰতিশ্ৰুতি দিছে; আৰু তোমালোকে যি আমল কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।

তাফছীৰ

আল্লাহৰ পথত ব্যয় কৰিবলৈ কিহে তোমালোকক বাধা দিয়ে?! অথচ আকাশমণ্ডল আৰু পৃথিৱীৰ সৰ্বস্বত্ব আল্লাহৰ। হে মুমিনসকল! তোমালোকৰ মাজৰ যিয়ে মক্কা বিজয়ৰ পূৰ্বে আল্লাহৰ সন্তুষ্টি অৰ্জনৰ উদ্দেশ্যে নিজৰ সম্পদ ব্যয় কৰিছে আৰু ইছলামক সহায় কৰিবলৈ কাফিৰসকলৰ লগত যুদ্ধ কৰিছে, আনহাতে যিয়ে মক্কা বিজয়ৰ পিছত অৰ্থ-সম্পদ ব্যয় কৰিছে আৰু কাফিৰসকলৰ লগত যুদ্ধ কৰিছে, তেওঁলোক কেতিয়াও সমান হ’ব নোৱাৰে। বিজয়ৰ পূৰ্বে যিসকলে আল্লাহৰ পথত ব্যয় কৰিছে আৰু যুদ্ধ কৰিছে তেওঁলোক আল্লাহৰ ওচৰত অধিক মর্যাদাৱান সেইসকল লোকৰ তুলনাত যিসকলে বিজয়ৰ পিছত আল্লাহৰ পথত ব্যয় কৰিছে তথা কাফিৰসকলৰ সৈতে যুদ্ধ কৰিছে। যদিও আল্লাহে উভয় পক্ষৰ লগত জান্নাতৰ অঙ্গীকাৰ কৰিছে। নিশ্চয় আল্লাহ তোমালোকৰ সকলো কৰ্ম সম্পর্কে অৱগত। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। অচিৰেই তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দান কৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক