ছূৰা 52 · জুজ 27
At-Tur · 52:48
وَاصْبِرْ لِحُكْمِ رَبِّكَ فَإِنَّكَ بِأَعْيُنِنَا ۖ وَسَبِّحْ بِحَمْدِ رَبِّكَ حِينَ تَقُومُ
আৰু তুমি তোমাৰ প্ৰতিপালকৰ সিদ্ধান্তৰ ওপৰত ধৈৰ্য ধাৰণ কৰা; কাৰণ তুমি আমাৰ চুকুৰ সন্মুখতে আছা। তুমি তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা যেতিয়া তুমি থিয় হোৱা।
তাফছীৰ
হে ৰাছুল! আপুনি আপোনাৰ প্ৰতিপালকৰ সিদ্ধান্ত আৰু তেওঁৰ শ্বাৰঈ বিধান নহালৈকে ধৈৰ্য্য ধাৰণ কৰক। নিশ্চিতভাৱে আপুনি মোৰ দৃষ্টিৰ সন্মুখত আছে তথা সুৰক্ষাবেষ্টনীৰ মাজত আছে। এতেকে আপুনি টোপনিৰ পৰা উঠি আপোনাৰ প্ৰতিপালকৰ পৱিত্ৰতাৰ সৈতে প্ৰশংসা কৰক।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক