ছূৰা 52 · জুজ 27

At-Tur · 52:47

وَإِنَّ لِلَّذِينَ ظَلَمُوا عَذَابًا دُونَ ذَٰلِكَ وَلَٰكِنَّ أَكْثَرَهُمْ لَا يَعْلَمُونَ

আৰু নিশ্চয় যিহঁতে অন্যায় কৰিছে সিহঁতৰ বাবে আছে ইয়াৰ বাহিৰেও আৰু শাস্তি। কিন্তু সিহঁতৰ অধিকাংশই এই কথা নাজানে।

তাফছীৰ

যিসকলে শ্বিৰ্ক আৰু পাপকৰ্মৰ জৰিয়তে নিজৰ ওপৰত অন্যায় কৰিছে, আখিৰাতৰ শাস্তিৰ পূৰ্বেই সিহঁতক শাস্তি বিহা হ’ব। পৃথিৱীত হত্যা আৰু বন্দীত্বৰ শাস্তি আৰু বাৰঝাখত কবৰৰ শাস্তি। কিন্তু সিহঁতৰ মাজৰ অধিকাংশ লোকেই এই বিষয়টো নাজানে। সেইকাৰণেই সিহঁতে কুফৰীৰ ওপৰত অবিচল থাকে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক