ছূৰা 47 · জুজ 26
Muhammad · 47:6
وَيُدْخِلُهُمُ الْجَنَّةَ عَرَّفَهَا لَهُمْ
আৰু তেওঁ তেওঁলোকক প্ৰৱেশ কৰাব জান্নাতত, যাৰ পৰিচয় তেওঁ তেওঁলোকক জনাই দিছে।
তাফছীৰ
কিয়ামতৰ দিনা তেওঁলোকক জান্নাতত প্ৰৱেশ কৰাব। পাৰ্থিৱ জীৱনতেই আল্লাহে তেওঁলোকৰ আগত জান্নাতৰ বৈশিষ্ট্যসমূহ বৰ্ণনা কৰিছে, ফলত তেওঁলোকে জান্নাত দেখাৰ লগে লগে চিনি পাব। তথা আখিৰাতত তেওঁলোকে নিজৰ ঠিকনা চিনি পাব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক