ছূৰা 47 · জুজ 26

Muhammad · 47:38

هَا أَنْتُمْ هَٰؤُلَاءِ تُدْعَوْنَ لِتُنْفِقُوا فِي سَبِيلِ اللَّهِ فَمِنْكُمْ مَنْ يَبْخَلُ ۖ وَمَنْ يَبْخَلْ فَإِنَّمَا يَبْخَلُ عَنْ نَفْسِهِ ۚ وَاللَّهُ الْغَنِيُّ وَأَنْتُمُ الْفُقَرَاءُ ۚ وَإِنْ تَتَوَلَّوْا يَسْتَبْدِلْ قَوْمًا غَيْرَكُمْ ثُمَّ لَا يَكُونُوا أَمْثَالَكُمْ

চোৱা, তোমালোকেই সেইসকল লোক, যিসকলক আল্লাহৰ পথত ব্যয় কৰিবলৈ কোৱা হৈছে অথচ তোমালোকৰ কিছুমানে কৃপণতাহে কৰিছে, কিন্তু যিয়ে কৃপণালি কৰিছে সি নিজৰ প্ৰতিহে কৃপণালি কৰিছে। (জানি থোৱা!) আল্লাহ অভাৱমুক্ত আৰু তোমালোক অভাৱগ্ৰস্ত। যদি তোমালোকে বিমুখ হোৱা, তেন্তে তেওঁ তোমালোকৰ বাহিৰে আন এটা সম্প্ৰদায়ক তোমালোকৰ স্থলৱৰ্তী কৰিব; সিহঁত কিন্তু তোমালোকৰ দৰে নহ’ব।

তাফছীৰ

শুনা! তোমালোকেই হৈছা সেইসকল লোক, যিসকলক আল্লাহৰ পথত নিজৰ সম্পদৰ এটা অংশ দান কৰিবলৈ আহ্বান কৰা হৈছে। তেওঁ তোমালোকক গোটেই সম্পদ ব্যয় কৰাৰ আদেশ দিয়া নাই। কিন্তু তোমালোকৰ মাজৰ কিছুমানে কৃপণালি কৰি ব্যয় কৰাৰ পৰা আঁতৰি থাকে। এতেকে যিয়ে আল্লাহৰ পথত নিজৰ সম্পদৰ এটা অংশ ব্যয় কৰাৰ পৰা কৃপণালি কৰে, সি দৰাচলতে নিজৰ লগতেই কৃপণালি কৰে। কাৰণ সি ছোৱাবৰ পৰা বঞ্চিত থাকিব। আল্লাহ অমুখাপেক্ষী, তোমালোকৰ ব্যয় তেওঁক কোনো উপকাৰ নকৰে। আনহাতে তোমালোক হৈছা অভাৱগ্ৰস্ত। যদি তোমালোকে ইছলামৰ পৰা কুফৰীলৈ উভতি যোৱা তেন্তে তেওঁ তোমালোকক ধ্বংস কৰিব, আৰু তোমালোকৰ ঠাইত অন্য জাতিক তোমালোকৰ স্থলাভিষিক্ত কৰিব। কিন্তু সেইসকল লোক তোমালোকৰ দৰে নহ’ব। বৰং তেওঁলোক হ’ব আল্লাহৰ আনুগত্যকাৰী।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক