ছূৰা 47 · জুজ 26
Muhammad · 47:37
إِنْ يَسْأَلْكُمُوهَا فَيُحْفِكُمْ تَبْخَلُوا وَيُخْرِجْ أَضْغَانَكُمْ
যদি তেওঁ তোমালোকৰ ওচৰত সেয়া (ধন-সম্পদ) বিচাৰে, তাৰ পিছত তেওঁ তোমালোকৰ ওপৰত প্ৰবল চাপ দিয়ে তেন্তে তোমালোকে কৃপণালিহে কৰিবা আৰু তেওঁ তেতিয়া তোমালোকৰ বিদ্বেষভাৱ প্ৰকাশ কৰি দিব।
তাফছীৰ
যদি তেওঁ তোমালোকৰ পৰা তোমালোকৰ সম্পূৰ্ণ সম্পদ বিচাৰিলেহেঁতেন তথা ডাঠিকৈ বিচাৰিলেহেঁতে তেন্তে তোমালোকে নিশ্চয় কৃপণালি কৰিলাহেঁতেন। আল্লাহৰ পথত ব্যয় কৰাৰ ক্ষেত্ৰত তোমালোকৰ অন্তৰত যি অপছন্দনীয় ভাৱ আছে, সেয়া ওলাই পৰিলেহেঁতেন। গতিকে তোমালোকৰ প্ৰতি এইটো তেওঁৰ সহানুভূতি যে, তেওঁ তোমালোকৰ পৰা সম্পূৰ্ণ ধন বিচৰা নাই।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক