ছূৰা 47 · জুজ 26

Muhammad · 47:16

وَمِنْهُمْ مَنْ يَسْتَمِعُ إِلَيْكَ حَتَّىٰ إِذَا خَرَجُوا مِنْ عِنْدِكَ قَالُوا لِلَّذِينَ أُوتُوا الْعِلْمَ مَاذَا قَالَ آنِفًا ۚ أُولَٰئِكَ الَّذِينَ طَبَعَ اللَّهُ عَلَىٰ قُلُوبِهِمْ وَاتَّبَعُوا أَهْوَاءَهُمْ

সিহঁতৰ মাজৰ কিছুমানে তোমাৰ কথা মনোযোগ সহকাৰে শুনে, অৱশেষত তোমাৰ ওচৰৰ পৰা ওলাই গৈ তেওঁলোকক সোধে যিসকলক জ্ঞান দান কৰা হৈছে, ‘এই মাত্ৰ তেওঁ কি ক’লে’? ইহঁতেই সেইসকল লোক, যিসকলৰ অন্তৰসমূহত আল্লাহে মোহৰ মাৰি দিছে আৰু সিহঁতে নিজৰ কামনা-বাসনাৰ অনুসৰণ কৰিছে।

তাফছীৰ

হে ৰাছুল! মুনাফিকসকলৰ মাজৰ কিছুমানে আপোনাৰ প্ৰতি কাণ পাতি থাকে। কিন্তু সত্য গ্ৰহণ কৰা সিহঁতৰ উদ্দেশ্য নহয়, বৰং ইয়াৰ পৰা বিমুখ হোৱাটোহে সিহঁতৰ মূল উদ্দেশ্য। সিহঁতে যেতিয়া আপোনাৰ বৈঠকৰ পৰা ওলাই যায় তেতিয়া সিহঁতে সেইসকল লোকক যিসকলক আল্লাহে জ্ঞান দান কৰিছে, নজনাৰ ভাও ধৰি আৰু ভ্ৰূক্ষেপ নকৰাকৈ এইদৰে সোধেঃ “এইমাত্ৰ তেওঁ কি আলোচনা কৰিলে?” জানি থোৱা! এনেকুৱা লোকৰ অন্তৰতেই আল্লাহে মোহৰ মাৰি দিছে, সেইকাৰণে সিহঁতৰ অন্তৰত কোনো কল্যাণকৰ কথা প্ৰৱেশ নকৰে। সিহঁতে নিজৰ প্ৰবৃত্তিৰ চাহিদাৰ অনুসৰণ কৰি আছে, আৰু এইটোৱেই সিহঁতক সত্যৰ পৰা অন্ধ কৰি পেলাইছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক