ছূৰা 47 · জুজ 26
Muhammad · 47:12
إِنَّ اللَّهَ يُدْخِلُ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ جَنَّاتٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ ۖ وَالَّذِينَ كَفَرُوا يَتَمَتَّعُونَ وَيَأْكُلُونَ كَمَا تَأْكُلُ الْأَنْعَامُ وَالنَّارُ مَثْوًى لَهُمْ
নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক প্ৰৱেশ কৰাব জান্নাতত যাৰ তলত নদীসমূহ প্ৰবাহিত; কিন্তু যিসকলে কুফৰী কৰিছে সিহঁতে ভোগ-বিলাসত মত্ত থাকে আৰু আহাৰ কৰে সেইদৰে যিদৰে চতুষ্পদ জন্তুবোৰে আহাৰ কৰে; আৰু জাহান্নামেই সিহঁতৰ আবাসস্থল।
তাফছীৰ
যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, নিশ্চয় আল্লাহে তেওঁলোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব, য’ত অট্টালিকা আৰু গছ-গছনি আদিৰ তলদেশত নিজৰা প্ৰবাহিত থাকিব। আনহাতে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছে, সিহঁতে নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰি পাৰ্থিৱ জীৱন উপভোগ কৰি আছে, সিহঁতে সেইদৰেই খাই-বৈ আছে যিদৰে জীৱ-জন্তুৱে খায়। সিহঁতৰ সকলোবোৰ গতিবিধিৰ মূল লক্ষ্য হৈছে পেট আৰু লজ্জাস্থান। কিয়ামতৰ দিনা জাহান্নামেই হৈছে সিহঁতৰ শেষ ঠিকনা, তাতেই সিহঁতে অৱস্থান কৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক