ছূৰা 46 · জুজ 26
Al-Ahqaf · 46:8
أَمْ يَقُولُونَ افْتَرَاهُ ۖ قُلْ إِنِ افْتَرَيْتُهُ فَلَا تَمْلِكُونَ لِي مِنَ اللَّهِ شَيْئًا ۖ هُوَ أَعْلَمُ بِمَا تُفِيضُونَ فِيهِ ۖ كَفَىٰ بِهِ شَهِيدًا بَيْنِي وَبَيْنَكُمْ ۖ وَهُوَ الْغَفُورُ الرَّحِيمُ
অথবা সিহঁতে কয় যে, ‘এওঁ এইটো নিজেই উদ্ভাৱন কৰিছে’। কোৱা, ‘যদি এইটো মই নিজে উদ্ভাৱন কৰিছো, তেন্তে মোক আল্লাহৰ শাস্তিৰ পৰা বচাবলৈ তোমালোকৰ অকণো অধিকাৰ নাই। তোমালোকে যি বিষয়ে আলোচনাত লিপ্ত হৈছা, সেই বিষয়ে আল্লাহ সবিশেষ অৱগত। মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে তেৱেঁই যথেষ্ট আৰু তেওঁ ক্ষমাশীল, পৰম দয়ালু’।
তাফছীৰ
এই মুশ্বৰিকসকলে এই দাবী কৰে নেকি যে, মুহাম্মদে নিজেই এই কোৰআন সৃষ্টি কৰি আল্লাহৰ লগত সম্পৃক্ত কৰিছে? হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়কঃ যদি মই এইখন নিজে ৰচনা কৰিছোঁ তেন্তে শুনা, ইয়াৰ কাৰণে আল্লাহে মোক শাস্তি দিব বিচাৰিলে তোমালোকে কেতিয়াও মোক সেই শাস্তিৰ পৰা ৰক্ষা কৰিব নোৱাৰিবা। তেনেক্ষেত্ৰত মই আল্লাহৰ সৈতে মিছা কথা সম্পৃক্ত কৰি নিজকে কিয় ধ্বংসৰ গৰালত ঠেলি দিম?! তোমালোকে কোৰআন সম্পৰ্কে যিবোৰ মিছা কথা কৈ আছা আৰু মোৰ ওপৰত যিবোৰ মিছা আৰোপ কৰি আছা, সেইবোৰ আল্লাহে ভালদৰেই জানে। মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে পৱিত্ৰ আল্লাহেই যথেষ্ট। তেওঁ তাওবাকাৰী বান্দাসকলৰ প্ৰতি অতি ক্ষমাশীল। তেওঁলোকৰ প্ৰতি পৰম দয়ালু।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক