ছূৰা 46 · জুজ 26
Al-Ahqaf · 46:5
وَمَنْ أَضَلُّ مِمَّنْ يَدْعُو مِنْ دُونِ اللَّهِ مَنْ لَا يَسْتَجِيبُ لَهُ إِلَىٰ يَوْمِ الْقِيَامَةِ وَهُمْ عَنْ دُعَائِهِمْ غَافِلُونَ
আৰু সেই ব্যক্তিতকৈ অধিক বিভ্ৰান্ত আৰু কোন হ’ব পাৰে, যিয়ে আল্লাহৰ পৰিবৰ্তে এনে কিছুমানক আহ্বান কৰে যিবোৰে কিয়ামত দিৱস লৈকে তাৰ আহ্বানত সঁহাৰি নিদিব? আৰু সেইবোৰ সিহঁতৰ আহ্বান সম্পৰ্কেও উদাসীন।
তাফছীৰ
সেই ব্যক্তিতকৈ অধিক পথভ্ৰষ্ট আন কোনো হ'ব নোৱাৰে, যিয়ে আল্লাহৰ বাহিৰে এনেকুৱা মূৰ্ত্তিবোৰৰ উপাসনা কৰে, যিবোৰে কিয়ামত পৰ্যন্ত সিহঁতৰ কোনো প্ৰাৰ্থনাৰ সঁহাৰি দিব নোৱাৰে। আল্লাহৰ বাহিৰে উপাসনা কৰা এই মূৰ্ত্তিবোৰে লাভ-ক্ষতি কৰাতো দূৰৰ কথা, নিজৰ উপাসক বিলাকৰ প্ৰাৰ্থনা সম্পৰ্কেও অনভিজ্ঞ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক