ছূৰা 46 · জুজ 26
Al-Ahqaf · 46:4
قُلْ أَرَأَيْتُمْ مَا تَدْعُونَ مِنْ دُونِ اللَّهِ أَرُونِي مَاذَا خَلَقُوا مِنَ الْأَرْضِ أَمْ لَهُمْ شِرْكٌ فِي السَّمَاوَاتِ ۖ ائْتُونِي بِكِتَابٍ مِنْ قَبْلِ هَٰذَا أَوْ أَثَارَةٍ مِنْ عِلْمٍ إِنْ كُنْتُمْ صَادِقِينَ
সিহঁতক কোৱা, ‘তোমালোকৰ ধাৰণা কি, তোমালোকে আল্লাহৰ পৰিবৰ্তে যিসকলক আহ্বান কৰা মোক দেখুৱাচোন সিহঁতে পৃথিৱীত কিবা সৃষ্টি কৰিছে নেকি অথবা আকাশসমূহত সিহঁতৰ কিবা অৰিহনা আছে নেকি? ইয়াৰ পূৰ্বৱৰ্তী কোনো কিতাব অথবা পৰম্পৰাগত কোনো জ্ঞান থাকিলে সেয়া তোমালোকে মোৰ ওচৰত লৈ আহা, যদি তোমালোকে সত্যবাদী হোৱা’।
তাফছীৰ
হে ৰাছুল! সত্যৰ পৰা বিমুখ হোৱা এই মুশ্বৰিকসকলক আপুনি সোধক, কোৱাচোন! তোমালোকে আল্লাহৰ বাহিৰে যিবোৰ মূৰ্ত্তিৰ উপাসনা কৰা সেইবোৰে পৃথিৱীৰ কি কি বস্তু সৃষ্টি কৰিছে? সেইবোৰে পাহাৰ-পৰ্বত সৃষ্টি কৰিছে নেকি? নে সেইবোৰে নদ-নদী সৃষ্টি কৰিছে? নাইবা সিহঁতে আকাশমণ্ডল সৃষ্টিৰ ক্ষেত্ৰত আল্লাহক সহায় কৰিছে নেকি? যদি তোমালোকৰ এই মূৰ্ত্তিবোৰ সঁচাই উপাসনাৰ যোগ্য তেন্তে ইয়াৰ সপক্ষে কোৰআনৰ পূৰ্বে আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ হোৱা কোনো গ্ৰন্থৰ পৰা নাইবা পূৰ্বৱৰ্তী লোকসকলে এৰি থৈ যোৱা কোনো জ্ঞান উপস্থাপন কৰাচোন।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক