ছূৰা 46 · জুজ 26
Al-Ahqaf · 46:11
وَقَالَ الَّذِينَ كَفَرُوا لِلَّذِينَ آمَنُوا لَوْ كَانَ خَيْرًا مَا سَبَقُونَا إِلَيْهِ ۚ وَإِذْ لَمْ يَهْتَدُوا بِهِ فَسَيَقُولُونَ هَٰذَا إِفْكٌ قَدِيمٌ
যিসকলে কুফৰী কৰিছে সিহঁতে মুমিনসকলৰ বিষয়ে কয়, ‘যদি এয়া মানি লোৱা ভাল হ’লেহেঁতেন তেন্তে সিহঁতে আমাতকৈ অগ্ৰণী হ’ব নোৱাৰিলেহেঁতেন’। সিহঁতে যিহেতু ইয়াৰ দ্বাৰা হিদায়ত পোৱা নাই সেয়ে সিহঁতে অচিৰেই ক’ব, ‘এয়া এটা প্ৰাচীন মিছা কথাহে’।
তাফছীৰ
যিসকলে কোৰআনক আৰু ৰাছুলে লৈ অহা বাৰ্তাক অস্বীকাৰ কৰিছে, সিহঁতে মুমিনসকলক কয়ঃ “সঁচাই যদি মুহাম্মদৰ বাৰ্তা সত্য হ’লহেঁতেন আৰু কল্যাণৰ পথ দেখুৱালেহেঁতেন তেন্তে এই দৰিদ্ৰ, দাস আৰু দুৰ্বলসকলে কেতিয়াও আমাক পিছ পেলোৱাই আগভাগ ল’ব নোৱাৰিলেহেঁতেন”। যিহেতু সিহঁতে ৰাছুলে লৈ অহা বাৰ্তাক স্বীকাৰ কৰিব পৰা নাই, সেয়ে সিহঁতে কয়ঃ “মুহাম্মদে লৈ অহা এই বাৰ্তা হৈছে প্ৰাচীনকালৰ মিছা কথা। গতিকে আমি মিছা কথা কেতিয়াও নামানো”।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক