ছূৰা 46 · জুজ 26

Al-Ahqaf · 46:10

قُلْ أَرَأَيْتُمْ إِنْ كَانَ مِنْ عِنْدِ اللَّهِ وَكَفَرْتُمْ بِهِ وَشَهِدَ شَاهِدٌ مِنْ بَنِي إِسْرَائِيلَ عَلَىٰ مِثْلِهِ فَآمَنَ وَاسْتَكْبَرْتُمْ ۖ إِنَّ اللَّهَ لَا يَهْدِي الْقَوْمَ الظَّالِمِينَ

সিহঁতক কোৱা, ‘কোৱাচোন তোমালোকে, যদি এই কোৰআন আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ হৈ থাকে আৰু তোমালোকে ইয়াক অস্বীকাৰ কৰিছা, অথচ বনী ইছৰাঈলৰ এজন সাক্ষীয়ে এই বিষয়ে অনুৰূপ সাক্ষী প্ৰদান কৰি তাৰ প্ৰতি ঈমান আনিলে; কিন্তু তোমালোকে ঔদ্ধত্য প্ৰকাশ কৰিলা, (তেনেহ’লে তোমালোকৰ পৰিণাম কি হ’ব?) নিশ্চয় আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে’।

তাফছীৰ

হে ৰাছুল! এই অস্বীকাৰকাৰীসকলক কৈ দিয়ক, তোমালোকে মোক কোৱাচোন, যদি এই কোৰআন সঁচাই আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ হৈছে, যাক তোমালোকে অস্বীকাৰ কৰি আছা, অথচ বনী ইছৰাঈলৰ এজন সাক্ষীয়ে তাওৰাতৰ ভাষ্যৰ ভিত্তিত সাক্ষ্য দিছে যে এইখন আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ আৰু ইয়াৰ ওপৰত তেওঁ ঈমানো আনিছে, পক্ষান্তৰে তোমালোকে অহংকাৰ কৰি ইয়াৰ প্ৰতি ঈমান পোষণ কৰাৰ পৰা বিৰত আছা, তেনে অৱস্থাত তোমালোক অন্যায়কাৰী বুলি গণ্য নহ’বানে? নিশ্চয় আল্লাহে অন্যায়কাৰী সম্প্ৰদায়ক সত্যৰ তাওফীক নিদিয়ে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক