ছূৰা 45 · জুজ 25
Al-Jathiyah · 45:6
تِلْكَ آيَاتُ اللَّهِ نَتْلُوهَا عَلَيْكَ بِالْحَقِّ ۖ فَبِأَيِّ حَدِيثٍ بَعْدَ اللَّهِ وَآيَاتِهِ يُؤْمِنُونَ
এইবোৰ আল্লাহৰ আয়াত, যিবোৰ আমি তোমাৰ ওচৰত যথাযথভাৱে তিলাৱত কৰিছো। এতেকে সিহঁতে আল্লাহ আৰু তেওঁৰ আয়াতৰ পিছত কোন হাদীছৰ (কথাৰ) ওপৰত বিশ্বাস স্থাপন কৰিব?
তাফছীৰ
হে ৰাছুল! এইবোৰ আয়াত আৰু প্ৰমাণাদি আমি আপোনাৰ ওচৰত সত্য সহকাৰে পাঠ কৰি আছোঁ। এতেকে এতিয়া যদি সিহঁতে আল্লাহে তেওঁৰ বান্দাৰ প্ৰতি অৱতীৰ্ণ কৰা এই বাণীৰ ওপৰত আৰু প্ৰমাণ আদিৰ ওপৰত ঈমান পোষণ নকৰে তেন্তে সিহঁতে ইয়াৰ পিছত কোনটো বাণী আৰু প্ৰমাণৰ ওপৰত ঈমান আনিব?
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক