ছূৰা 45 · জুজ 25
Al-Jathiyah · 45:5
وَاخْتِلَافِ اللَّيْلِ وَالنَّهَارِ وَمَا أَنْزَلَ اللَّهُ مِنَ السَّمَاءِ مِنْ رِزْقٍ فَأَحْيَا بِهِ الْأَرْضَ بَعْدَ مَوْتِهَا وَتَصْرِيفِ الرِّيَاحِ آيَاتٌ لِقَوْمٍ يَعْقِلُونَ
ৰাতি আৰু দিনৰ পৰিবৰ্তনত লগতে আল্লাহে আকাশৰ পৰা যি জীৱিকা (পানী) বৰ্ষণ কৰে, তাৰ পিছত ইয়াৰ দ্বাৰা তেওঁ মৃত ভূমিক পুনৰ্জীৱিত কৰে, ইয়াৰ মাজত আৰু বতাহৰ পৰিবৰ্তনৰ মাজতো বহু নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে বুজি পায়।
তাফছীৰ
দিন-ৰাতিৰ আৱৰ্তনৰ মাজত, আল্লাহে আকাশৰ পৰা বৰ্ষণ কৰা বৰষুণৰ মাজতো আছে নিদৰ্শন, সেই পানীৰ জৰিয়তেই আল্লাহে মৃত ভূমিক জীৱিত কৰি উদ্ভিদ আদি উৎপন্ন কৰে। লগতে বতাহৰ গতিবিধিৰ মাজতো আছে নিদৰ্শন, তোমালোকৰ সুবিধাৰ বাবেই কেতিয়াবা ইফালৰ পৰা আৰু কেতিয়াবা সিফালৰ পৰা বতাহ বলে। এইবোৰৰ মাজত বিবেকৱান লোকসকলৰ বাবে আছে শিক্ষা। তেওঁলোকে এইবোৰৰ দ্বাৰা আল্লাহৰ তাওহীদ আৰু পুনৰ্জীৱিত কৰাৰ ক্ষমতা আদিৰ প্ৰমাণ লাভ কৰে। নিশ্চয় তেওঁ সকলো বিষয়ত ক্ষমতাৱান।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক