ছূৰা 45 · জুজ 25
Al-Jathiyah · 45:35
ذَٰلِكُمْ بِأَنَّكُمُ اتَّخَذْتُمْ آيَاتِ اللَّهِ هُزُوًا وَغَرَّتْكُمُ الْحَيَاةُ الدُّنْيَا ۚ فَالْيَوْمَ لَا يُخْرَجُونَ مِنْهَا وَلَا هُمْ يُسْتَعْتَبُونَ
‘এইটো এই কাৰণে যে, তোমালোকে আল্লাহৰ আয়াতসমূহক ঠাট্টা-বিদ্ৰূপৰ আহিলা বনাই লৈছিলা আৰু পাৰ্থিৱ জীৱনে তোমালোকক প্ৰতাৰিত কৰিছিল’। সেয়ে আজি সিহঁতক জাহান্নামৰ পৰা মুক্তিও দিয়া নহ’ব আৰু আল্লাহৰ সন্তুষ্টি লাভৰ সুযোগো দিয়া নহ’ব।
তাফছীৰ
এই শাস্তি তোমালোকক এইকাৰণে দিয়া হ’ব, কাৰণ তোমালোকে আল্লাহৰ আয়াতসমূহক উপহাসৰ পাত্ৰ বনাই লৈছিলা তথা সেইবোৰকলৈ ঠাট্টা-মস্কৰা কৰিছিলা, লগতে পাৰ্থিৱ জীৱনৰ সা-সুবিধা আৰু চাহিদাই তোমালোকক প্ৰতাৰিত কৰিছিল। গতিকে আল্লাহৰ আয়াতসমূহক ঠাট্টা কৰা কাফিৰসকলে জাহান্নামৰ পৰা কেতিয়াও নিস্তাৰ নাপাব। বৰং চিৰকাল তাতেই অৱস্থান কৰিব। সৎকৰ্ম কৰিবলৈ কেতিয়াও সিহঁতক পাৰ্থিৱ জীৱনলৈ ওভোতাই পঠোৱা নহ'ব। তথা প্ৰতিপালকেও কেতিয়াও সিহঁতৰ প্ৰতি সন্তুষ্ট নহ’ব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক