ছূৰা 45 · জুজ 25

Al-Jathiyah · 45:34

وَقِيلَ الْيَوْمَ نَنْسَاكُمْ كَمَا نَسِيتُمْ لِقَاءَ يَوْمِكُمْ هَٰذَا وَمَأْوَاكُمُ النَّارُ وَمَا لَكُمْ مِنْ نَاصِرِينَ

আৰু কোৱা হ’ব, ‘আজি আমি তোমালোকক অৱজ্ঞা কৰিম যিদৰে তোমালোকে এই দিনৰ সাক্ষাতৰ বিষয়টোক পাহৰি গৈছিলা। তোমালোকৰ আবাসস্থল হ’ব জাহান্নাম, আৰু তোমালোকৰ কোনো সহায়কাৰীও নাথাকিব’।

তাফছীৰ

আল্লাহে সিহঁতক ক’বঃ আজি আমি তোমালোকক জাহান্নামৰ মাজত এৰি দিম, যিদৰে তোমালোকে আমাৰ এই সাক্ষাতক পাহৰি আছিলা। তথা ঈমান আৰু সৎকৰ্মৰ দ্বাৰা ইয়াৰ বাবে প্ৰস্তুতি লোৱা নাছিলা। তোমালোকৰ প্ৰকৃত ঠিকনা হৈছে জাহান্নাম, তাতেই তোমালোকে অৱস্থান কৰিবা। আল্লাহৰ শাস্তি প্ৰতিৰোধ কৰিবলৈ তাত তোমালোকৰ কোনো সহায়ক নাথাকিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক