ছূৰা 41 · জুজ 24

Fussilat · 41:31

نَحْنُ أَوْلِيَاؤُكُمْ فِي الْحَيَاةِ الدُّنْيَا وَفِي الْآخِرَةِ ۖ وَلَكُمْ فِيهَا مَا تَشْتَهِي أَنْفُسُكُمْ وَلَكُمْ فِيهَا مَا تَدَّعُونَ

‘আমিয়েই তোমালোকৰ বন্ধু পাৰ্থিৱ জীৱনতো আৰু আখিৰাততো। আৰু তাত তোমালোকৰ বাবে প্ৰত্যেক সেইটো বস্তু থাকিব যিটো তোমালোকৰ মনে বিচাৰিব লগতে তোমালোকে তাত যিটো দাবী কৰিবা সেইটোৱেই থাকিব’।

তাফছীৰ

পাৰ্থিৱ জীৱনত আমি আপোনালোকৰ বন্ধু আছিলোঁ। সেইকাৰণেই আমি আপোনালোকক সঠিক পথ দেখুৱাইছিলোঁ আৰু আপোনালোকৰ সুৰক্ষাত নিয়োজিত আছিলোঁ। আনহাতে আখিৰাততো আমি আপোনালোকৰ সহায়ক। সেয়ে আপোনালোকে সদায় আমাৰ সহায়-সহযোগিতা লাভ কৰিব। জান্নাতত আপোনালোকে নিজৰ পছন্দৰ সকলো সা-সুবিধা লাভ কৰিব, আনকি আপোনালোকে বিচৰা সকলো পছন্দনীয় বস্তু উপলব্ধ থাকিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক