ছূৰা 41 · জুজ 24
Fussilat · 41:17
وَأَمَّا ثَمُودُ فَهَدَيْنَاهُمْ فَاسْتَحَبُّوا الْعَمَىٰ عَلَى الْهُدَىٰ فَأَخَذَتْهُمْ صَاعِقَةُ الْعَذَابِ الْهُونِ بِمَا كَانُوا يَكْسِبُونَ
আৰু ছামূদ সম্প্ৰদায়, আমি সিহঁতক পথনিৰ্দেশ কৰিছিলো, কিন্তু সিহঁতে সৎপথৰ পৰিবৰ্তে অন্ধপথত চলাটোহে পছন্দ কৰিছিল। ফলত লাঞ্ছনাদায়ক শাস্তিৰ বজ্ৰাঘাতে সিহঁতক কৰায়ত্ত কৰিলে; সিহঁতে যি অৰ্জন কৰিছিল তাৰ পৰিণামত।
তাফছীৰ
ইপিনে ছলেহ আলাইহিচ্ছালামৰ সম্প্ৰদায় ছামূদৰ সন্মুখতো সত্য স্পষ্ট কৰি সিহঁতক হিদায়তৰ পথ দেখুৱাইছিলোঁ। কিন্তু সিহঁতে সত্যৰ হিদায়ত গ্ৰহণ কৰাৰ বিপৰীতে পথভ্ৰষ্টতাকেই প্ৰাধান্য দিলে। ফলত সিহঁতৰ কুফৰী আৰু গুনাহৰ কাৰণে লাঞ্ছনাদায়ক আকস্মিক শাস্তিয়ে সিহঁতক গ্ৰাস কৰিলে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক