ছূৰা 41 · জুজ 24
Fussilat · 41:16
فَأَرْسَلْنَا عَلَيْهِمْ رِيحًا صَرْصَرًا فِي أَيَّامٍ نَحِسَاتٍ لِنُذِيقَهُمْ عَذَابَ الْخِزْيِ فِي الْحَيَاةِ الدُّنْيَا ۖ وَلَعَذَابُ الْآخِرَةِ أَخْزَىٰ ۖ وَهُمْ لَا يُنْصَرُونَ
তাৰ পিছত আমি সিহঁতৰ ওপৰত অশুভ দিনবোৰত ধুমুহা প্ৰেৰণ কৰিলো; যাতে আমি সিহঁতক পাৰ্থিৱ জীৱনতেই লাঞ্ছনাদায়ক শাস্তিৰ সোৱাদ লোৱাব পাৰো; আৰু আখিৰাতৰ শাস্তি ইয়াতকৈয়ো অধিক লাঞ্ছনাদায়ক আৰু সিহঁতক সহায়ো কৰা নহ’ব।
তাফছীৰ
অৱশেষত আমি সিহঁতৰ ওপৰত ভয়ংকৰ বিকট শব্দসহ ধুমুহা প্ৰেৰণ কৰিলোঁ, শাস্তি অৱতীৰ্ণ হোৱাৰ বাবে সেই দিনটো আছিল সিহঁতৰ পক্ষে অশুভ। যাতে সিহঁতক পাৰ্থিৱ জীৱনতেই অপমানসূচক শাস্তিৰ সোৱাদ উপভোগ কৰাব পাৰোঁ। আনহাতে আখিৰাতৰ যি শাস্তি সিহঁতৰ বাবে অপেক্ষাৰত হৈ আছে, সেই শাস্তি ইয়াতকৈও অধিক লাঞ্ছনাদায়ক। সেই শাস্তিৰ পৰা ৰক্ষা কৰিব পৰা সিহঁতে কোনো সহায়ক বিচাৰি নাপাব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক