ছূৰা 40 · জুজ 24
Ghafir · 40:77
فَاصْبِرْ إِنَّ وَعْدَ اللَّهِ حَقٌّ ۚ فَإِمَّا نُرِيَنَّكَ بَعْضَ الَّذِي نَعِدُهُمْ أَوْ نَتَوَفَّيَنَّكَ فَإِلَيْنَا يُرْجَعُونَ
এতেকে তুমি ধৈৰ্য ধাৰণ কৰা। নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। আমি সিহঁতক যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছো তাৰে অলপ হয়তো মই তোমাক দেখুৱাই দিম নাইবা তোমাৰ মৃত্যু ঘটাম, তথাপিও দেখুন সিহঁতে মোৰ ওচৰতেই প্ৰত্যাৱৰ্তিত হ’ব।
তাফছীৰ
হে ৰাছুল! আপুনি আপোনাৰ সম্প্ৰদায়ৰ অত্যাচাৰ আৰু অস্বীকাৰ কাৰ্যত ধৈৰ্য্য ধাৰণ কৰক। নিশ্চয় আল্লাহে আপোনাক সহায় কৰাৰ যি প্ৰতিশ্ৰুতি দিছে সেয়া সত্য, ইয়াত কোনো সন্দেহ নাই। আপোনাৰ জীৱনকালতেই যদি সেই প্ৰতিশ্ৰুতিৰ কিছু শাস্তি প্ৰদান কৰি আপোনাক দেখুৱাওঁ, যিদৰে বদৰৰ দিনা দেখুৱাইছোঁ, নাইবা ইয়াৰ পূৰ্বেই যদি আপোনাক মৃত্যু প্ৰদান কৰোঁ, তথাপিও সিহঁতে কিয়ামতৰ দিনা একমাত্ৰ আমাৰ ওচৰলৈকেই উভতি আহিব লাগিব। আমিয়েই সিহঁতক সিহঁতৰ কৰ্মৰ প্ৰতিদান প্ৰদান কৰিম। তথা সিহঁতক চিৰকালৰ বাবে জাহান্নামত প্ৰৱেশ কৰাম।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক