ছূৰা 40 · জুজ 24
Ghafir · 40:74
مِنْ دُونِ اللَّهِ ۖ قَالُوا ضَلُّوا عَنَّا بَلْ لَمْ نَكُنْ نَدْعُو مِنْ قَبْلُ شَيْئًا ۚ كَذَٰلِكَ يُضِلُّ اللَّهُ الْكَافِرِينَ
আল্লাহৰ বাহিৰে’? সিহঁতে ক’ব, ‘সিহঁত দেখুন আমাৰ পৰা আঁতৰি গৈছে; বৰং ইতিপূৰ্বে আমি কাকো আহ্বান কৰা নাছিলো’। এইদৰেই আল্লাহে কাফিৰসকলক বিভ্ৰান্ত কৰে।
তাফছীৰ
সেই মূৰ্ত্তিবোৰ, যিবোৰক তোমালোকে আল্লাহৰ বাহিৰে উপাসনা কৰিছিলা, যিবোৰে উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে? কাফিৰসকলে ক’বঃ “সেইবোৰ আমাৰ পৰা আঁতৰি গৈছে, বৰং পৃথিৱীত আমি এনেকুৱা কোনো বস্তুৰ ইবাদত কৰাই নাছিলোঁ যিবোৰ ইবাদতৰ যোগ্য”। এইদৰেই আল্লাহে প্ৰত্যেক যুগতে আৰু প্ৰত্যেক স্থানতে কাফিৰসকলক পথভ্ৰষ্টতাত পতিত কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক