ছূৰা 40 · জুজ 24
Ghafir · 40:68
هُوَ الَّذِي يُحْيِي وَيُمِيتُ ۖ فَإِذَا قَضَىٰ أَمْرًا فَإِنَّمَا يَقُولُ لَهُ كُنْ فَيَكُونُ
তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায় আৰু যেতিয়া তেওঁ কিবা কৰিবলৈ স্থিৰ কৰে তেতিয়া ইয়াৰ বাবে তেওঁ কেৱল কয় ‘হ’, সেইটো তৎক্ষণাত হৈ যায়।
তাফছীৰ
তেৱেঁই অদ্বিতীয় পৱিত্ৰ আল্লাহ, যাৰ হাতত আছে জীৱন দানৰ ক্ষমতা। একমাত্ৰ তেওঁৰ হাততেই আছে মৃত্যু প্ৰদানৰ ক্ষমতা। এতেকে তেওঁ যেতিয়া কোনো বিষয়ৰ ফয়চালা কৰে, তেতিয়া কেৱল কয় ‘হ’, ফলত সেইটো লগে লগে হৈ যায়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক