ছূৰা 40 · জুজ 24

Ghafir · 40:62

ذَٰلِكُمُ اللَّهُ رَبُّكُمْ خَالِقُ كُلِّ شَيْءٍ لَا إِلَٰهَ إِلَّا هُوَ ۖ فَأَنَّىٰ تُؤْفَكُونَ

তেৱেঁই আল্লাহ, তোমালোকৰ ৰব, সকলো বস্তুৰ স্ৰষ্টা; তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকক ক’লৈ উভতাই নিয়া হৈছে?

তাফছীৰ

তেৱেঁই আল্লাহ, যিজনে তোমালোকক বিভিন্ন প্ৰকাৰৰ নিয়ামত প্ৰদান কৰিছে, তেৱেঁই সকলো বস্তুৰ স্ৰষ্টা। তেওঁৰ বাহিৰে কোনো সৃষ্টিকৰ্তা নাই। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্যও নাই। তেন্তে তেওঁক এৰি তোমালোকে কিহৰ ভিত্তিত আনৰ উপাসনা কৰা, যিবোৰে উপকাৰ বা অপকাৰ একোৱেই কৰিব নোৱাৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক