ছূৰা 40 · জুজ 24

Ghafir · 40:61

اللَّهُ الَّذِي جَعَلَ لَكُمُ اللَّيْلَ لِتَسْكُنُوا فِيهِ وَالنَّهَارَ مُبْصِرًا ۚ إِنَّ اللَّهَ لَذُو فَضْلٍ عَلَى النَّاسِ وَلَٰكِنَّ أَكْثَرَ النَّاسِ لَا يَشْكُرُونَ

আল্লাহ, যিজনে তোমালোকৰ বাবে ৰাতিক সৃষ্টি কৰিছে যাতে তোমালোকে তাত বিশ্ৰাম কৰিব পাৰা, আৰু দিনক আলোকোজ্জ্বল কৰিছে। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি অনুগ্ৰহশীল, কিন্তু অধিকাংশ মানুহেই কৃতজ্ঞতা প্ৰকাশ নকৰে।

তাফছীৰ

আল্লাহেই ৰাতিক তোমালোকৰ বাবে অন্ধকাৰাচ্ছন্ন কৰি দিছে, যাতে তোমালোকে বিশ্ৰাম লব পাৰা। পক্ষান্তৰে দিনক আলোকিত কৰি দিছে, যাতে সেই সময়ছোৱাত কাম কৰিব পাৰা। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি মহা অনুগ্ৰহশীল, তেৱেঁই মানুহক প্ৰকাশ্য অপ্ৰকাশ্য সকলো প্ৰকাৰৰ নিয়ামত প্ৰদান কৰিছে। কিন্তু অধিকাংশ লোকেই তেওঁৰ নিয়ামতৰ কৃতজ্ঞতা জ্ঞাপন নকৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক