ছূৰা 40 · জুজ 24

Ghafir · 40:58

وَمَا يَسْتَوِي الْأَعْمَىٰ وَالْبَصِيرُ وَالَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ وَلَا الْمُسِيءُ ۚ قَلِيلًا مَا تَتَذَكَّرُونَ

অন্ধ আৰু দৃষ্টিসম্পন্ন ব্যক্তি কেতিয়াও সমান নহয়, এইদৰে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে আৰু যিসকলে অসৎকৰ্ম কৰিছে সিহঁতেও সমান নহয়। তোমালোকে অতি সামান্যহে উপদেশ গ্ৰহণ কৰা।

তাফছীৰ

দৃষ্টিশক্তি থকা আৰু দৃষ্টিশক্তি নথকা ব্যক্তি কেতিয়াও সমান হ’ব নোৱাৰে। ঠিক সেইদৰে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি বিশ্বাস কৰিছে লগতে সৎকৰ্ম কৰিছে, তেওঁলোকে কেতিয়াও সেইসকল লোকৰ দৰে নহয় যিসকলে বাতিল আক্বীদাহ আৰু গুনাহৰ কৰ্মত লিপ্ত হৈ বেয়া আমল কৰি আছে। (পৰিলক্ষিত হৈছে যে) তোমালোকে খুবেই কম উপদেশ গ্ৰহণ কৰা। কিয়নো সঁচাই যদি তোমালোকে উপদেশ গ্ৰহণ কৰিলাহেঁতেন তেন্তে নিশ্চয় দুয়ো দলৰ পাৰ্থক্য বুজি পালাহেঁতেন তথা সেইসকল লোকৰ অন্তৰ্ভুক্ত হ’লাহেঁতেন যিসকলে আল্লাহৰ সন্তুষ্টি অৰ্জন কৰিবলৈ ঈমান পোষণ কৰিছে আৰু সৎকৰ্ম কৰিছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক