ছূৰা 40 · জুজ 24

Ghafir · 40:55

فَاصْبِرْ إِنَّ وَعْدَ اللَّهِ حَقٌّ وَاسْتَغْفِرْ لِذَنْبِكَ وَسَبِّحْ بِحَمْدِ رَبِّكَ بِالْعَشِيِّ وَالْإِبْكَارِ

এতেকে তুমি ধৈৰ্য ধাৰণ কৰা, নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। লগতে তুমি তোমাৰ ত্ৰুটিৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা আৰু পুৱা-গধূলি তোমাৰ প্ৰতিপালকৰ সপ্ৰশংস পৱিত্ৰতা-মহিমা ঘোষণা কৰা।

তাফছীৰ

হে ৰাছুল! আপোনাৰ জাতিয়ে আপোনাক অস্বীকাৰ কৰা কাৰ্যত আৰু সিহঁতৰ নিৰ্যাতনত আপুনি ধৈৰ্য্য ধাৰণ কৰক। নিশ্চয় আল্লাহে আপোনাক সহায়-সহযোগিতা আৰু সমৰ্থন কৰিব বুলি যি প্ৰতিশ্ৰুতি দিছে সেয়া সত্য, ইয়াৰ মাজত কোনো সন্দেহ নাই। গতিকে আপুনি আপোনাৰ গুনাহৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰক, লগতে পুৱা-গধূলি আপোনাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে তাছবীহ পাঠ কৰক।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক