ছূৰা 40 · জুজ 24
Ghafir · 40:33
يَوْمَ تُوَلُّونَ مُدْبِرِينَ مَا لَكُمْ مِنَ اللَّهِ مِنْ عَاصِمٍ ۗ وَمَنْ يُضْلِلِ اللَّهُ فَمَا لَهُ مِنْ هَادٍ
‘যিদিনা তোমালোকে পিছ হোঁহকা দি পলাব বিচাৰিবা, আল্লাহৰ শাস্তিৰ পৰা তোমালোকক ৰক্ষা কৰিবলৈ কোনো নাথাকিব। আল্লাহে যাক বিভ্ৰান্ত কৰে তাৰ বাবে কোনো হিদায়তকাৰী নাই’।
তাফছীৰ
যিদিনা তোমালোকে জাহান্নামক দেখি পিছ হোঁহকা দি পলায়ন কৰিব বিচৰিবা, তেতিয়া কোনেও তোমালোকক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব নোৱাৰিব। আল্লাহে যাক নিলগীয়া কৰিব তথা তেওঁ যাক ঈমান পোষণ কৰাৰ তাওফীক নিদিব, তাক কোনেও হিদায়ত দিব নোৱাৰে। কিয়নো হিদায়তৰ বাবে তাওফীক প্ৰদানৰ ক্ষমতা একমাত্ৰ আল্লাহৰ হাতত।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক