ছূৰা 40 · জুজ 24

Ghafir · 40:25

فَلَمَّا جَاءَهُمْ بِالْحَقِّ مِنْ عِنْدِنَا قَالُوا اقْتُلُوا أَبْنَاءَ الَّذِينَ آمَنُوا مَعَهُ وَاسْتَحْيُوا نِسَاءَهُمْ ۚ وَمَا كَيْدُ الْكَافِرِينَ إِلَّا فِي ضَلَالٍ

তাৰ পিছত যেতিয়া মুছাই আমাৰ তৰফৰ পৰা সত্য লৈ সিহঁতৰ ওচৰত উপস্থিত হ’ল, সিহঁতে ক’লে, ‘মুছাৰ লগত যিসকলে ঈমান আনিছে, সিহঁতৰ পুত্ৰ সন্তান বিলাকক হত্যা কৰা আৰু সিহঁতৰ নাৰীসকলক জীৱিত এৰি দিয়া’। আৰু কাফিৰসকলৰ ষড়যন্ত্ৰ কেৱল ব্যৰ্থহে হয়।

তাফছীৰ

যেতিয়া মুছাই সিহঁতৰ ওচৰলৈ তেওঁৰ সত্যতাৰ প্ৰমাণ লৈ উপস্থিত হ'ল, তেতিয়া ফিৰআউনে ক’লেঃ যিসকলে তেওঁৰ ওপৰত ঈমান আনিছে, সিহঁতৰ সন্তানসকলক হত্যা কৰা, আৰু সিহঁতৰ স্ত্ৰীসকলক অপমানিত অৱস্থাত জীৱিত ৰখা। কাফিৰসকলে মুমিনসকলৰ সংখ্যা হ্ৰাস কৰাৰ যি চক্ৰান্ত কৰিছিল, নিশ্চিতভাৱে সেই চক্ৰান্ত ধ্বংস হ’বলগীয়াই আছিল। যাৰ কোনো প্ৰভাৱ নাই।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক