ছূৰা 4 · জুজ 4

An-Nisa · 4:8

وَإِذَا حَضَرَ الْقِسْمَةَ أُولُو الْقُرْبَىٰ وَالْيَتَامَىٰ وَالْمَسَاكِينُ فَارْزُقُوهُمْ مِنْهُ وَقُولُوا لَهُمْ قَوْلًا مَعْرُوفًا

আৰু সম্পত্তি বন্টন কৰা অৱস্থাত আত্মীয়, ইয়াতীম আৰু অভাৱগ্ৰস্ত লোক উপস্থিত থাকিলে সিহঁতক তাৰ পৰা অলপ হ'লেও প্ৰদান কৰিবা আৰু সিহঁতৰ লগত সদালাপ কৰিবা।

তাফছীৰ

নিকটাত্মীয়, অনাথ আৰু দৰিদ্ৰসকলৰ মাজৰ যিসকল মীৰাছৰ অংশীদাৰ নহয়, মীৰাছ বন্টনৰ সময়ত সিহঁত উপস্থিত থাকিলে, সম্পত্তি বন্টনৰ পূৰ্বে নিজ ইচ্ছাই সিহঁতক কিবা দিয়াটো মুস্তাহাব। কাৰণ সিহঁতেও এই বন্টন দেখি আছে। আৰু এই ধন তোমালোকৰ ওচৰত বিনা কষ্টে আহিছে। আৰু সিহঁতৰ লগত উত্তম কথা কোৱা, বেয়া ব্যৱহাৰ নকৰিবা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক