ছূৰা 4 · জুজ 4
An-Nisa · 4:7
لِلرِّجَالِ نَصِيبٌ مِمَّا تَرَكَ الْوَالِدَانِ وَالْأَقْرَبُونَ وَلِلنِّسَاءِ نَصِيبٌ مِمَّا تَرَكَ الْوَالِدَانِ وَالْأَقْرَبُونَ مِمَّا قَلَّ مِنْهُ أَوْ كَثُرَ ۚ نَصِيبًا مَفْرُوضًا
পিতৃ-মাতৃ আত্মীয়-স্বজনৰ পৰিত্যক্ত সম্পত্তিত পুৰুষৰ অংশ আছে আৰু পিতৃ-মাতৃ লগতে আত্মীয়-স্বজনৰ পৰিত্যক্ত সম্পত্তিত নাৰীৰো অংশ আছে, সেয়া অলপেই হওঁক বা বেছিয়েই হওঁক, এইটো নিৰ্ধাৰিত অংশ।
তাফছীৰ
পুৰষসকলৰ বাবে সেই সম্পত্তিত অংশ আছে, যিটো পিতৃ-মাতৃ তথা নিকটাত্মীয় যেনে- ভাই আৰু খুৰাসকলে মৃত্যুৰ পিছত এৰি থৈ যায়। সেই সম্পত্তি কম হওঁক অথবা অধিক। এইদৰে এওঁলোকে এৰি থৈ যোৱা সম্পত্তিত নাৰীসকলৰো অংশ আছে। এই বিধান অজ্ঞতা যুগৰ সেই পৰাম্পৰাৰ পৰিপন্থী, য’ত নাৰী আৰু শিশুসকলক উত্তৰাধিকাৰীৰ পৰা বঞ্চিত ৰখা হৈছিল। এই অংশ এটা অধিকাৰ, যাৰ পৰিমাণ আল্লাহৰ তৰফৰ পৰা নিৰ্ধাৰিত।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক