ছূৰা 4 · জুজ 5
An-Nisa · 4:78
أَيْنَمَا تَكُونُوا يُدْرِكْكُمُ الْمَوْتُ وَلَوْ كُنْتُمْ فِي بُرُوجٍ مُشَيَّدَةٍ ۗ وَإِنْ تُصِبْهُمْ حَسَنَةٌ يَقُولُوا هَٰذِهِ مِنْ عِنْدِ اللَّهِ ۖ وَإِنْ تُصِبْهُمْ سَيِّئَةٌ يَقُولُوا هَٰذِهِ مِنْ عِنْدِكَ ۚ قُلْ كُلٌّ مِنْ عِنْدِ اللَّهِ ۖ فَمَالِ هَٰؤُلَاءِ الْقَوْمِ لَا يَكَادُونَ يَفْقَهُونَ حَدِيثًا
তোমালোকে য’তেই নাথাকা কিয় মৃত্যুৱে তোমালোকক লগ পাবই, যদিও তোমালোকে সুউচ্চ সুদৃঢ় দুৰ্গত অৱস্থান নকৰা কিয়। যদি সিহঁতৰ কোনো কল্যাণ হয় তেন্তে সিহঁতে কয়, ‘এইটো আল্লাহৰ তৰফৰ পৰা আহিছে’, আৰু যদি সিহঁতৰ কোনো অকল্যাণ হয় তেন্তে সিহঁতে কয়, ‘এইটো তোমাৰ কাৰণে হৈছে’। কোৱা, ‘সকলো আল্লাহৰ তৰফৰ পৰা হয়’। এই সম্প্ৰদায়ৰ কি হ’ল যে, ইহঁতে একেবাৰেই কোনো কথা নুবুজে!
তাফছীৰ
তোমালোক যতেই নাথাকা কিয়, যেতিয়া নিৰ্দিষ্ট সময় আহি পৰিব, তেতিয়া তোমালোকৰ মৃত্যু হবই, যদিও তোমালোক যুদ্ধৰ ময়দানৰ পৰা দূৰৈত মজবুত দুৰ্গত আত্ম গোপন নকৰা কিয়। এই মুনাফিকসকলৰ স্বভাৱ এনেকুৱা যে, যদি সিহঁতে সন্তান আৰু সম্পদ আদিৰ দৰে কোনো বস্তু পায় তেন্তে কয়ঃ এয়া আল্লাহৰ ফালৰ পৰা। আনহাতে সন্তান আৰু সম্পত্তিত কোনো অনিষ্ট সাধন হলে, সেয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অমঙ্গল বুলি দাবী কৰি কয়ঃ এই ক্ষতি আপোনাৰ কাৰণে হৈছে। হে ৰাছুল! আপুনি ইয়াৰ খণ্ডন কৰি কওঁক, ভাল আৰু বেয়া সকলো আল্লাহৰ ফয়চালা আৰু তেওঁ নিৰ্ধাৰণৰ (তাক্বদীৰৰ) অধীনত হয়। এই ধৰণে কথা কোৱা ব্যক্তিসকলৰ আচলতে হৈছে কি, সিহঁতে আপোনাৰ কথা বুজি নাপায় কিয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক