ছূৰা 4 · জুজ 5
An-Nisa · 4:77
أَلَمْ تَرَ إِلَى الَّذِينَ قِيلَ لَهُمْ كُفُّوا أَيْدِيَكُمْ وَأَقِيمُوا الصَّلَاةَ وَآتُوا الزَّكَاةَ فَلَمَّا كُتِبَ عَلَيْهِمُ الْقِتَالُ إِذَا فَرِيقٌ مِنْهُمْ يَخْشَوْنَ النَّاسَ كَخَشْيَةِ اللَّهِ أَوْ أَشَدَّ خَشْيَةً ۚ وَقَالُوا رَبَّنَا لِمَ كَتَبْتَ عَلَيْنَا الْقِتَالَ لَوْلَا أَخَّرْتَنَا إِلَىٰ أَجَلٍ قَرِيبٍ ۗ قُلْ مَتَاعُ الدُّنْيَا قَلِيلٌ وَالْآخِرَةُ خَيْرٌ لِمَنِ اتَّقَىٰ وَلَا تُظْلَمُونَ فَتِيلًا
তুমি সিহঁতক দেখা নাইনে? যিসকলক কোৱা হৈছিল, ‘তোমালোকে নিজৰ হাত সংবৰণ কৰা, ছালাত কায়েম কৰা আৰু যাকাত প্ৰদান কৰা’; তাৰ পিছত যেতিয়া সিহঁতক যুদ্ধৰ বিধান দিয়া হ’ল তেতিয়া সিহঁতৰ এটা দলে মানুহক এনেকৈ ভয় কৰিছিল যেনেকৈ আল্লাহক ভয় কৰা হয় অথবা তাতোকৈ বেছি আৰু কৈছিল, ‘হে আমাৰ ৰব! আমাক যুদ্ধৰ বিধান কিয় প্ৰদান কৰিলা? আমাক কেইটামান দিনৰ অৱকাশ কিয় নিদিলা? কোৱা, ‘পাৰ্থিৱ ভোগ-বিলাস সামান্য আৰু যিয়ে তাক্বৱা অৱলম্বন কৰে তাৰ বাবে আখিৰাতেই উত্তম, আৰু তোমালোকৰ প্ৰতি সামান্য পৰিমাণো অন্যায় কৰা নহ’ব’।
তাফছীৰ
হে ৰাছুল! আপুনি আপোনাৰ সেইসকল সঙ্গী সম্পৰ্কে অৱগত নহয়নে, যিসকলে জিহাদ ফৰজ হোৱাৰ আবেদন জনাইছিল। তেতিয়া তেওঁলোকক কোৱা হৈছিল, এতিয়া যুদ্ধৰ পৰা বিৰত থাকা, ছালাত প্ৰতিষ্ঠা কৰা আৰু যাকাত আদায় দিয়া। দৰাচলতে এয়া জিহাদ ফৰজ হোৱাৰ আগৰ কথা। কিন্তু যেতিয়া তেওঁলোকে মদীনালৈ হিজৰত কৰিলে, আৰু ইছলাম মজবুত হল আৰু তেওঁলোকৰ ওপৰত জিহাদ ফৰজ কৰা হল, তেতিয়া তেওঁলোকৰ মাজৰ কিছুমান লোকৰ ওপৰত এই আদেশ বৰ কঠিন অনুভৱ হল আৰু তেওঁলোকে মানুহক এনেকুৱা ভয় কৰিবলৈ ধৰিলে যিদৰে আল্লাহক ভয় কৰা উচিত অথবা তাতোকৈ অধিক। কবলৈ ধৰিলেঃ হে আমাৰ প্ৰতিপালক! আমাৰ ওপৰত জিহাদ কিয় অনিবাৰ্য কৰিলা, ইয়াক অলপ দিন কিয় পিছুৱাই নিদিলা যাতে আমি পৃথিৱীৰ পৰা অলপ উপকৃত হলোহেঁতেন। হে ৰাছুল! কৈ দিয়ক যে, পাৰ্থিৱ সম্পত্তি যিমানেই লাভ নকৰা কিয়, সেয়া কম আৰু ধ্বংসশীল। আনহাতে আল্লাহক ভয়কাৰী সকলৰ বাবে আখিৰাত অতি উত্তম, কিয়নো তেওঁৰ নিয়ামত চিৰস্থায়ী। আৰু তোমালোকক প্ৰতিদান দিয়াৰ সময়ত খেজুৰ গুটিৰ ওপৰত থকা আৱৰণৰ সমানো তোমালোকৰ আমল হ্ৰাস কৰা নহব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক