ছূৰা 4 · জুজ 5

An-Nisa · 4:69

وَمَنْ يُطِعِ اللَّهَ وَالرَّسُولَ فَأُولَٰئِكَ مَعَ الَّذِينَ أَنْعَمَ اللَّهُ عَلَيْهِمْ مِنَ النَّبِيِّينَ وَالصِّدِّيقِينَ وَالشُّهَدَاءِ وَالصَّالِحِينَ ۚ وَحَسُنَ أُولَٰئِكَ رَفِيقًا

আৰু যিয়ে আল্লাহ আৰু ৰাছুলৰ আনুগত্য কৰিব সি নবী, ছিদ্দীক্ব (সত্যনিষ্ঠ), শ্বহীদ আৰু সৎকৰ্মপৰায়ণ- যিসকলৰ প্ৰতি আল্লাহে অনুগ্ৰহ কৰিছে তেওঁলোকৰ সঙ্গী হ’ব আৰু এওঁলোক কিমান উত্তম সঙ্গী!

তাফছীৰ

যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব, তেওঁ সেই সকল লোকৰ লগত থাকিব, যিসকলক আল্লাহে জান্নাতত প্ৰৱেশৰ নিয়ামতেৰে পুৰষ্কৃত কৰিছে। যেনে- নবীসকল, সত্যবাদী লোকসকল, যিসকলে ৰাছুলে লৈ অহা চৰীয়তক পৰিপূৰ্ণৰূপে বিশ্বাস কৰিছিল আৰু তাৰ ওপৰত আমল কৰিছিল; আৰু শ্বহীদসকল, যিসকলে আল্লাহৰ পথত মৃত্যুবৰণ কৰিছে; লগতে পূণ্যৱান লোকসকল যিসকলৰ ভিতৰ বাহিৰ সংশোধিত, ফলত তেওঁলোকৰ আমলো বিশুদ্ধ। জান্নাতত কিমান যে উত্তম সঙ্গী এওঁলোক।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক