ছূৰা 4 · জুজ 4
An-Nisa · 4:5
وَلَا تُؤْتُوا السُّفَهَاءَ أَمْوَالَكُمُ الَّتِي جَعَلَ اللَّهُ لَكُمْ قِيَامًا وَارْزُقُوهُمْ فِيهَا وَاكْسُوهُمْ وَقُولُوا لَهُمْ قَوْلًا مَعْرُوفًا
আৰু তোমালোকে নিৰ্বোধসকলৰ হাতত তোমালোকৰ ধন-সম্পদ অৰ্পণ নকৰিবা; যাৰ দ্বাৰা আল্লাহে তোমালোকৰ জীৱিকাৰ উপকৰণ কৰিছে। অৱশ্যে তাৰ পৰাই সিহঁতৰ খোৱা-বোৱা পিন্ধাৰ ব্যৱস্থা কৰা আৰু তোমালোকে সিহঁতৰ লগত সদালাপ কৰিবা।
তাফছীৰ
আৰু হে সংৰক্ষকসকল! এনেকুৱা লোকৰ হাতত সিহঁতৰ ধন অৰ্পন নকৰিবা, যিয়ে তাৰ সদ্ব্যৱহাৰ কৰিব নোৱাৰে। কিয়নো এই ধন আল্লাহে বান্দাৰ সুবিধাৰ্থে আৰু সিহঁতৰ জীৱিকাৰ মাধ্যম বনাইছে। সেয়ে এনেকুৱা লোকৰ দ্বাৰা ধনৰ সঠিক ব্যৱহাৰ আৰু ইয়াৰ হিফাজত সম্ভৱ নহয়। এতেকে এই সম্পদ সিহঁতৰ ওপৰত ব্যয় কৰা আৰু সিহঁতৰ প্ৰয়োজনীয় অভাৱ পূৰণ কৰা লগতে সিহঁতৰ লগত উত্তমভাৱে কথা কোৱা। আৰু সিহঁতক উত্তম প্ৰতিশ্ৰুতি দিয়া যে, যেতিয়া সিহঁত পৰিপক্ক হৈ যাব আৰু সম্পদৰ সঠিক ব্যৱহাৰ শিকিব, তেতিয়া সিহঁতৰ সম্পদ সিহঁতক দি দিবা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক