ছূৰা 4 · জুজ 4
An-Nisa · 4:4
وَآتُوا النِّسَاءَ صَدُقَاتِهِنَّ نِحْلَةً ۚ فَإِنْ طِبْنَ لَكُمْ عَنْ شَيْءٍ مِنْهُ نَفْسًا فَكُلُوهُ هَنِيئًا مَرِيئًا
আৰু তোমালোকে নাৰীসকলক মনৰ সন্তুষ্টচিত্তে সিহঁতৰ মোহৰ প্ৰদান কৰা; তাৰ পিছত সিহঁতে যদি সন্তুষ্টচিত্তে মোহৰৰ কিছু অংশ ৰেহাই দিয়ে তেন্তে তোমালোকে সেয়া আনন্দৰে তৃপ্তিসহকাৰে ভোগ কৰা।
তাফছীৰ
আৰু স্ত্ৰীসকলক সিহঁতৰ মোহৰ এটা আৱশ্যক উপহাৰ হিচাপে আদায় কৰা। যদি সিহঁতে কোনো ধৰণৰ বাধ্যবাধকতা নোহোৱাকৈ নিজ ইচ্ছাতে তোমালোকৰ বাবে মোহৰ কিছু অংশ ক্ষমা কৰি দিয়ে, তেন্তে সেয়া আনন্দচিত্তে ভক্ষণ কৰা, ইয়াত কোনো অসুবিধা নাই।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক