ছূৰা 4 · জুজ 6

An-Nisa · 4:155

فَبِمَا نَقْضِهِمْ مِيثَاقَهُمْ وَكُفْرِهِمْ بِآيَاتِ اللَّهِ وَقَتْلِهِمُ الْأَنْبِيَاءَ بِغَيْرِ حَقٍّ وَقَوْلِهِمْ قُلُوبُنَا غُلْفٌ ۚ بَلْ طَبَعَ اللَّهُ عَلَيْهَا بِكُفْرِهِمْ فَلَا يُؤْمِنُونَ إِلَّا قَلِيلًا

তাৰ পিছত (সিহঁতক শাস্তি দিয়া হৈছিল) সিহঁতৰ অঙ্গীকাৰ ভঙ্গৰ বাবে, আল্লাহৰ আয়াতসমূহৰ লগত কুফৰী কৰাৰ বাবে আৰু ‘আমাৰ হৃদয়সমূহ আচ্ছাদিত’ এই কথা কোৱাৰ বাবে। বৰং সিহঁতৰ কুফৰীৰ বাবে আল্লাহে সিহঁতৰ অন্তৰসমূহত মোহৰ মাৰি দিছিল। সেয়ে কেৱল সিহঁতৰ কিছুসংখ্যক লোকেই ঈমান আনিব।

তাফছীৰ

ফলত আমি সিহঁতক আমাৰ কৃপাৰ পৰা আঁতৰ কৰি দিছিলোঁ, কাৰণ সিহঁতে সেই দৃঢ় অঙ্গীকাৰ ভঙ্গ কৰিছিল, যিটো সিহঁতৰ পৰা লোৱা হৈছিল। লগতে আল্লাহৰ নিদৰ্শনসমূহ অস্বীকাৰ কৰিছিল, আনকি নবীসকলকো হত্যা কৰাৰ সাহস কৰিছিল, লগতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক সিহঁতে কোৱা এই কথাষাৰৰ কাৰণেও যে, আমাৰ অন্তৰত আৱৰণ আছে, সেয়ে আপোনাৰ কথা আমি বুজি নাপাওঁ। দৰাচলতে বিষয়টো সিহঁতে ভবাৰ দৰে নহয়। বৰং আল্লাহে সিহঁতৰ কুফৰীৰ ফলত সিহঁতৰ অন্তৰত মোহৰ মাৰি দিছে, ফলত কল্যাণকৰ কথা সিহঁতৰ অন্তৰত ঢুকি নাপায়। সেয়ে সিহঁতে বহুত কম ঈমান পোষণ কৰে যিটো সিহঁতৰ কোনো কামত নাহিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক