ছূৰা 4 · জুজ 6
An-Nisa · 4:150
إِنَّ الَّذِينَ يَكْفُرُونَ بِاللَّهِ وَرُسُلِهِ وَيُرِيدُونَ أَنْ يُفَرِّقُوا بَيْنَ اللَّهِ وَرُسُلِهِ وَيَقُولُونَ نُؤْمِنُ بِبَعْضٍ وَنَكْفُرُ بِبَعْضٍ وَيُرِيدُونَ أَنْ يَتَّخِذُوا بَيْنَ ذَٰلِكَ سَبِيلًا
নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফৰী কৰে লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ মাজত পাৰ্থক্য কৰিব বিচাৰে আৰু সিহঁতে কয়, ‘আমি কিছুমানৰ ওপৰত ঈমান আনো আৰু কিছুমানৰ লগত কুফৰী কৰো’; আৰু সিহঁতে ইয়াৰ মধ্যৱৰ্তী এটা পথ অৱলম্বন কৰিব বিচাৰে।
তাফছীৰ
যিসকলে আল্লাহৰ লগত কুফৰী কৰে, লগতে তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰে, তথা আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ মাজত পাৰ্থক্য কৰিব বিচাৰে, এনেকৈ যে, আল্লাহৰ প্ৰতি সিহঁতে ঈমান পোষণ কৰে কিন্তু ৰাছুলসকলক অস্বীকাৰ কৰে আৰু কয়ঃ আমি কিছুমান ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰোঁ আৰু আন কিছুমানক অস্বীকাৰ কৰোঁ। এইদৰে সিহঁতে কুফৰ আৰু ঈমানৰ মাজত এটা পথ উলিয়াব বিচাৰে আৰু সিহঁতে ভাৱে যে, এইটোৱে সিহঁতক মুক্তি প্ৰদান কৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক