ছূৰা 4 · জুজ 6
An-Nisa · 4:149
إِنْ تُبْدُوا خَيْرًا أَوْ تُخْفُوهُ أَوْ تَعْفُوا عَنْ سُوءٍ فَإِنَّ اللَّهَ كَانَ عَفُوًّا قَدِيرًا
যদি তোমালোকে সৎকৰ্ম প্ৰকাশ কৰা অথবা গোপন কৰা নাইবা দোষ ক্ষমা কৰা তেন্তে আল্লাহেও দোষ মোচনকাৰী, ক্ষমতাবান।
তাফছীৰ
যিকোনো ভাল কথা অথবা কৰ্ম যদি তোমালোকে প্ৰকাশ কৰা নাইবা গোপন কৰা লগতে বেয়া ব্যৱহাৰকাৰীক ক্ষমা কৰি দিয়া তেন্তে জানি থোৱা! নিশ্চয় আল্লাহ অতি ক্ষমাশীল আৰু সৰ্বশক্তিমান। এতেকে ক্ষমা কৰা গুণটো তোমালোকৰ চৰিত্ৰ হোৱা উচিত, যাতে আল্লাহেও তোমালোকক ক্ষমা কৰি দিয়ে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক