ছূৰা 4 · জুজ 5
An-Nisa · 4:143
مُذَبْذَبِينَ بَيْنَ ذَٰلِكَ لَا إِلَىٰ هَٰؤُلَاءِ وَلَا إِلَىٰ هَٰؤُلَاءِ ۚ وَمَنْ يُضْلِلِ اللَّهُ فَلَنْ تَجِدَ لَهُ سَبِيلًا
সিহঁত ইয়াৰ মাজত দোদুল্যমান, ইফালেও নহয় সিফালেও নহয়। আল্লাহে যাক পথভ্ৰষ্ট কৰে তুমি তাৰ কেতিয়াও কোনো পথ বিচাৰি নাপাবা।
তাফছীৰ
এইসকল মুনাফিক দোদুল্যমান অৱস্থাত পৰি আছে। বাহ্যিক আৰু আভ্যন্তৰীণ ভাৱে এইসকল মুনাফিক মুছলিমসকল লগতো নহয় আৰু কাফিৰসকলৰ লগতো নহয়। বৰং প্ৰকাশ্যভাৱে দেখুৱায় যে, সিহঁত মুছলিমসকলৰ লগত, কিন্তু আভ্যন্তৰীণ ভাৱে সিহঁত কাফিৰসকলৰ লগত। দৰাচলতে আল্লাহে যাক পথভ্ৰষ্ট কৰে –হে ৰাছুল- আপুনি তাক ভ্ৰষ্টতাৰ পৰা উলিয়াই আনিবলৈ কোনো পথ বিচাৰি নাপাব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক