ছূৰা 4 · জুজ 5
An-Nisa · 4:134
مَنْ كَانَ يُرِيدُ ثَوَابَ الدُّنْيَا فَعِنْدَ اللَّهِ ثَوَابُ الدُّنْيَا وَالْآخِرَةِ ۚ وَكَانَ اللَّهُ سَمِيعًا بَصِيرًا
যিয়ে পৃথিৱীৰ প্ৰতিদান বিচাৰে তেন্তে (সি জানি লোৱা উচিত যে) পৃথিৱী আৰু আখিৰাতৰ পুৰষ্কাৰ কেৱল আল্লাহৰ ওচৰতেই; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।
তাফছীৰ
হে মানৱজাতি! তোমালোকৰ মাজৰ যিয়ে নেক কৰ্মৰ বিনিময়ত কেৱল পাৰ্থিৱ সফলতা বিচাৰে, সি জানি থোৱা উচিত যে, আল্লাহৰ ওচৰত পাৰ্থিৱ তথা আখিৰাত উভয় প্ৰকাৰৰ প্ৰতিদান আছে। এতেকে তেওঁৰ পৰা উভয় প্ৰতিদান বিচৰা উচিত। আল্লাহে তোমালোকৰ কথা শুনে আৰু তোমালোকৰ কৰ্ম দেখে আৰু তেওঁ তোমালোকক ইয়াৰ প্ৰতিদানো দিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক