ছূৰা 4 · জুজ 5

An-Nisa · 4:133

إِنْ يَشَأْ يُذْهِبْكُمْ أَيُّهَا النَّاسُ وَيَأْتِ بِآخَرِينَ ۚ وَكَانَ اللَّهُ عَلَىٰ ذَٰلِكَ قَدِيرًا

হে মানৱ! তেওঁ ইচ্ছা কৰিলে তোমালোকক অপসাৰিত কৰি আন লোকক আনিব পাৰে; আৰু আল্লাহ এই কাম কৰিবলৈ সম্পূৰ্ণ সক্ষম।

তাফছীৰ

হে মানৱজাতি! তেওঁ ইচ্ছা কৰিলে তোমালোকক ধ্বংস কৰি আন সম্প্ৰদায়ক তোমালোকৰ স্থলাভিষিক্ত কৰিব পাৰে, যিসকলে আল্লাহৰ আনুগত্য কৰিব আৰু তেওঁৰ বিৰুদ্ধাচাৰণ নকৰিব। আৰু এনেকুৱা কৰিবলৈ আল্লাহ ক্ষমতাশীল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক