ছূৰা 4 · জুজ 4

An-Nisa · 4:12

۞ وَلَكُمْ نِصْفُ مَا تَرَكَ أَزْوَاجُكُمْ إِنْ لَمْ يَكُنْ لَهُنَّ وَلَدٌ ۚ فَإِنْ كَانَ لَهُنَّ وَلَدٌ فَلَكُمُ الرُّبُعُ مِمَّا تَرَكْنَ ۚ مِنْ بَعْدِ وَصِيَّةٍ يُوصِينَ بِهَا أَوْ دَيْنٍ ۚ وَلَهُنَّ الرُّبُعُ مِمَّا تَرَكْتُمْ إِنْ لَمْ يَكُنْ لَكُمْ وَلَدٌ ۚ فَإِنْ كَانَ لَكُمْ وَلَدٌ فَلَهُنَّ الثُّمُنُ مِمَّا تَرَكْتُمْ ۚ مِنْ بَعْدِ وَصِيَّةٍ تُوصُونَ بِهَا أَوْ دَيْنٍ ۗ وَإِنْ كَانَ رَجُلٌ يُورَثُ كَلَالَةً أَوِ امْرَأَةٌ وَلَهُ أَخٌ أَوْ أُخْتٌ فَلِكُلِّ وَاحِدٍ مِنْهُمَا السُّدُسُ ۚ فَإِنْ كَانُوا أَكْثَرَ مِنْ ذَٰلِكَ فَهُمْ شُرَكَاءُ فِي الثُّلُثِ ۚ مِنْ بَعْدِ وَصِيَّةٍ يُوصَىٰ بِهَا أَوْ دَيْنٍ غَيْرَ مُضَارٍّ ۚ وَصِيَّةً مِنَ اللَّهِ ۗ وَاللَّهُ عَلِيمٌ حَلِيمٌ

তোমালোকৰ স্ত্ৰীসকলৰ পৰিত্যক্ত সম্পত্তিৰ অৰ্ধাংশ তোমালোকৰ বাবে, যদি সিহঁতৰ কোনো সন্তান নাথাকে আৰু সিহঁতৰ সন্তান থাকিলে তোমালোকৰ বাবে সিহঁতৰ পৰিত্যক্ত সম্পত্তিৰ চাৰি ভাগৰ এভাগ; অছিয়ত পালন আৰু ঋণ পৰিশোধ কৰাৰ পিছত। তোমালোকৰ সন্তান নাথাকিলে সিহঁতৰ বাবে তোমালোকৰ পৰিত্যক্ত সম্পত্তিৰ চাৰি ভাগৰ এভাগ, আৰু তোমালোকৰ সন্তান থাকিলে সিহঁতৰ বাবে তোমালোকৰ পৰিত্যক্ত সম্পত্তিৰ আঠ ভাগৰ এভাগ; তোমালোকে যি অছিয়ত কৰিবা সেয়া প্ৰদান কৰাৰ পিছত আৰু ঋণ পৰিশোধ কৰাৰ পিছত। আৰু যদি কোনো পুৰুষ অথবা নাৰীৰ ‘কালালাহ’ বা পিতৃ-মাতৃ আৰু সন্তানহীন উত্তৰাধিকাৰী হয়, আৰু কেৱল তাৰ এজন ককায়েক-ভায়েক অথবা এজনী বায়েক-ভনীয়েক থাকে তেন্তে প্ৰত্যেকৰে বাবে ছয় ভাগৰ এভাগ। সিহঁত ইয়াৰ অধিক হ’লে সকলোৱে তিনি ভাগৰ এভাগত সমান অংশীদাৰ হ’ব; এইবোৰ যিটো অছিয়ত কৰা হয় সেইটো পালন কৰাৰ পিছত আৰু ঋণ পৰিশোধ কৰাৰ পিছত, কাৰো ক্ষতি নকৰাকৈ। এইটো হৈছে আল্লাহৰ নিৰ্দেশ; আৰু আল্লাহ সৰ্বজ্ঞ, সহনশীল।

তাফছীৰ

হে পতিসকল! তোমালোকে তোমালোকৰ পত্নীসকলৰ পৰিত্যক্ত সম্পত্তিৰ অৰ্ধাংশ পাবা, যদি সিহঁতৰ কোনো সন্তান নাথাকে (লৰা হওঁক বা ছোৱালী) তোমালোকৰ পৰা হওঁক অথবা আন কাৰোবাৰ পৰা। যদি সিহঁতৰ কোনো থাকে (লৰাই হওঁক বা ছোৱালী), তেন্তে সিহঁতৰ পৰিত্যক্ত সম্পত্তিৰ চতুৰ্থাংশ লাভ কৰিবা। ইয়াৰ বিতৰণ তাইৰ অছীয়ত পূৰণ তথা ঋণ পৰিশোধ কৰাৰ পিছতহে কৰা হব। আনহাতে হে পতিসকল! তোমালোকৰ স্ত্ৰীসকলে তোমালোকৰ পৰিত্যক্ত সম্পত্তিৰ চতুৰ্থাংশ লাভ কৰিব, যদিহে তোমালোকৰ কোনো সন্তান নাথাকে (লৰাই হওঁক বা ছোৱালী) তাইৰ পৰা হওঁক নাইবা আন কোনো স্ত্ৰীৰ পৰা। আনহাতে যদি তোমালোকৰ কোনো সন্তান থাকে (লৰাই হওঁক বা ছোৱালী) তেন্তে এনে অৱস্থা সিহঁতে তোমালোকৰ পৰিত্যক্ত সম্পত্তিৰ আঠ ভাগৰ এভাগ পাব। আৰু এই বিতৰণ অছিয়ত পূৰণ কৰা পিছত তথা ঋণ পৰিশোধ কৰাৰ পিছতহে কৰা হব। যদি কোনো এনেকুৱা ব্যক্তিৰ মৃত্যু হয় যাৰ পিতৃও জীৱিত নাই আৰু সন্তানো নাই অথবা এনেকুৱা কোনো নাৰীৰ মৃত্যু হয় যাৰ পিতৃও জীৱিত নাই আৰু কোনো সন্তানো নাই, কিন্তু মৃতকৰ মাকৰ ফালৰ কোনো ভাই আছে অথবা ভনী আছে তেন্তে সেই ভাই অথবা ভনীয়ে ছয় ভাগৰ এভাগ অংশ লাভ কৰিব। আৰু যদি মাকৰ ফালৰ পৰা ভাই অথবা ভনী একাধিক থাকে তেন্তে সেই সকলোৱে মিলি এক তৃতীয়াংশ লাভ কৰিব, য’ত সকলোৱে অংশীদাৰ হব। এই ক্ষেত্ৰত নাৰী আৰু পুৰুষ সকলো সমান। সিহঁতে নিজৰ অংশ মৃতকৰ অছিয়ত তথা ঋণ পুৰণৰ পিছতহে লাভ কৰিব। কিন্তু চৰ্ত হল মৃত ব্যক্তিৰ অছিয়তে যেন ওৱাৰিছসকলৰ কোনো ক্ষতি সাধন নকৰে। উদাহৰণ স্বৰূপে অছিয়ত যাতে এক তৃতীয়ংশতকৈ বেছি নহয়। এই আয়াতত যি আদেশ দিয়া হৈছে, সেয়া আল্লাহৰ ফালৰ পৰা তোমালোকৰ বাবে এটা প্ৰতিশ্ৰুতি, যিটো পালন কৰা তোমালোকৰ বাবে অনিবাৰ্য। নিশ্চয় আল্লাহে ভালকৈ জানে দুনিয়া আৰু আখিৰাতত বান্দাৰ বাবে কোনটো উপকাৰী। তেওঁ বৰ সহনশীল, পাপিষ্ট ব্যক্তিক শাস্তি দিয়াৰ ক্ষেত্ৰত তেওঁ খৰখেদা নকৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক