ছূৰা 4 · জুজ 4
An-Nisa · 4:11
يُوصِيكُمُ اللَّهُ فِي أَوْلَادِكُمْ ۖ لِلذَّكَرِ مِثْلُ حَظِّ الْأُنْثَيَيْنِ ۚ فَإِنْ كُنَّ نِسَاءً فَوْقَ اثْنَتَيْنِ فَلَهُنَّ ثُلُثَا مَا تَرَكَ ۖ وَإِنْ كَانَتْ وَاحِدَةً فَلَهَا النِّصْفُ ۚ وَلِأَبَوَيْهِ لِكُلِّ وَاحِدٍ مِنْهُمَا السُّدُسُ مِمَّا تَرَكَ إِنْ كَانَ لَهُ وَلَدٌ ۚ فَإِنْ لَمْ يَكُنْ لَهُ وَلَدٌ وَوَرِثَهُ أَبَوَاهُ فَلِأُمِّهِ الثُّلُثُ ۚ فَإِنْ كَانَ لَهُ إِخْوَةٌ فَلِأُمِّهِ السُّدُسُ ۚ مِنْ بَعْدِ وَصِيَّةٍ يُوصِي بِهَا أَوْ دَيْنٍ ۗ آبَاؤُكُمْ وَأَبْنَاؤُكُمْ لَا تَدْرُونَ أَيُّهُمْ أَقْرَبُ لَكُمْ نَفْعًا ۚ فَرِيضَةً مِنَ اللَّهِ ۗ إِنَّ اللَّهَ كَانَ عَلِيمًا حَكِيمًا
আল্লাহে তোমালোকক তোমালোকৰ সন্তান সম্পৰ্কে এই নিৰ্দেশ দিছে যে, এজন পুত্ৰৰ অংশ দুজনী কন্যাৰ অংশৰ সমান; কিন্তু যদি কেৱল দুজনীতকৈ বেছি কন্যা থাকে তেন্তে তেওঁলোকৰ বাবে পৰিত্যক্ত সম্পত্তিৰ তিনি ভাগৰ দুভাগ, আৰু কেৱল এজনী কন্যা থাকিলে তেন্তে তাইৰ বাবে অৰ্ধাংশ। সন্তান থাকিলে (মৃত ব্যক্তিৰ) পিতৃ-মাতৃ উভয়ৰে পৰিত্যক্ত সম্পত্তিৰ ছয় ভাগৰ এভাগ; সি (মৃত ব্যক্তি) নিঃসন্তান হ’লে আৰু পিতৃ-মাতৃ উত্তৰাধিকাৰী হ’লে তাৰ মাকৰ বাবে তিনি ভাগৰ এভাগ; আৰু যদি তাৰ ভাই-ভনী থাকে তেনেহ’লে মাকৰ বাবে ছয় ভাগৰ এভাগ; এইবোৰ বন্টন হ’ব তাৰ অছিয়ত আৰু ঋণ পৰিশোধ কৰাৰ পিছত। তোমালোকৰ পিতা আৰু সন্তানসকলৰ মাজত কোন বেছি উপকাৰী সেয়া তোমালোকে নাজানা। এই বিধান আল্লাহৰ; নিশ্চয় আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
তাফছীৰ
আল্লাহে তোমালোকক তোমালোকৰ সন্তানৰ মীৰাছ সম্পৰ্কে আদেশ দিছে, সিহঁতৰ মাজত মীৰাছ বন্টন এইদৰে কৰা হব যে, পুত্ৰ সন্তানে দুজনী কন্যা সন্তানৰ সমান অংশ লাভ কৰিব। মৃত ব্যক্তিৰ কেৱল যদি কন্যা সন্তানেই থাকে আৰু পুত্ৰ সন্তান নাথাকে তেন্তে দুজনী তথা অধিক কন্যা সন্তানে মীৰাছৰ দুই তৃতীয়াংশ সম্পদ লাভ কৰিব। আৰু যদি মৃত ব্যক্তিৰ কেৱল এজনীয়ে ছোৱালী থাকে তেন্তে তাই মীৰাছৰ আধা অংশ লাভ কৰিব। আনহাতে মৃত ব্যক্তিৰ পিতৃ-মাতৃৰ প্ৰত্যেকে মীৰাছৰ ষষ্ঠাংশ লাভ কৰিব যদি মৃত ব্যক্তিৰ কোনো সন্তান থাকে, সন্তান নাৰী হওঁক অথবা পুৰুষ। আৰু যদি মৃত ব্যক্তিৰ কোনো সন্তান নাথাকে লগতে পিতৃ-মাতৃৰ বাহিৰে আন কোনো ওৱাৰিছো নাথাকে তেন্তে এনে পৰিস্থিতিত তাৰ মাকে এক তৃতীয়াংশ লাভ কৰিব আৰু অৱশিষ্ট সম্পদ পিতৃয়ে লাভ কৰিব। আনহাতে মৃতকৰ যদি দুজন বা তাতোকৈ অধিক ভাই ভনি থাকে, সহোদৰ হওঁক বা নহওঁক, তেন্তে মাকে ষষ্ঠাংশ লাভ কৰিব আৰু অৱশিষ্ট সম্পদ পিতৃয়ে লাভ কৰিব, ভাই ভনিসকলে একো নাপাব। মীৰাছৰ এই বন্টন মৃত ব্যক্তিৰ অছিয়ত পূৰণ কৰাৰ পিছতহে হব। উল্লেখযোগ্য যে, অছিয়তৰ পৰিমাণ এক তৃতীয়াংশতকৈ বেছি হব নালাগে, লগতে প্ৰথমে মৃত ব্যক্তিৰ ঋণ পৰিশোধ কৰিব লাগিব। আল্লাহে মীৰাছ বন্টনৰ এইটোৱে পদ্ধতি নিৰ্ধাৰণ কৰিছে। কিয়নো তোমালোকে এইটো নাজানা যে, তোমালোকৰ পিতা আৰু সন্তানসকলৰ মাজত পৃথিৱী আৰু আখিৰাতত তোমালোকৰ বাবে কোন অধিক উপকাৰী হব। কেতিয়াবা মৃত ব্যক্তিয়ে কোনো এজন ওৱাৰিছৰ প্ৰতি সন্তুষ্ট হৈ তাক সম্পূৰ্ণ সম্পদ প্ৰদান কৰে অথবা কাৰো প্ৰতি অসন্তুষ্ট হৈ তাক মীৰাছৰ পৰা বঞ্চিত কৰে, অথচ বিষয়টো তেওঁ ভৱাৰ দৰে নহবও পাৰে। এইবোৰ বিষয়ৰ সম্যক জ্ঞান কেৱল আল্লাহৰ ওচৰত, যাৰ পৰা কোনো বস্তু গোপন নহয়। সেয়ে তেওঁ মীৰাছৰ বৰ্ণনা এইদৰে কৰিছে। লগতে ইয়াক তেওঁৰ বান্দাসকলৰ বাবে জৰুৰী ঘোষণা কৰিছে। নিঃসন্দেহে আল্লাহেই সৰ্বজ্ঞ আৰু বান্দাৰ কোনো কল্যাণ তেওঁৰ পৰা গোপন নহয়। তেওঁ চৰীয়ত প্ৰস্তুত কৰণত আৰু পৰিচালনাত প্ৰজ্ঞাৱান।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক